গীত 121:1 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 মই পৰ্ব্বতবোৰৰ ফালে মোৰ চকু তুলি কওঁ, ক’ৰ পৰা মোৰ সহায় আহিব? |
অনেক লোক আহিব আৰু ক’ব, “আহাঁ, আমি যিহোৱাৰ পৰ্ব্বতলৈ, আৰু যাকোবৰ ঈশ্বৰৰ গৃহলৈ উঠি যাওহঁক; সেয়ে তেওঁ আমাক তেওঁৰ কিছুমান পথৰ বিষয়ে শিক্ষা দিব; তাতে আমি তেওঁৰ পথত গমন কৰিব পাৰিম।” কিয়নো চিয়োনৰ পৰা বিধান আৰু যিৰূচালেমৰ পৰা যিহোৱাৰ বাক্য ওলাই যাব।
স্বৰূপেই গিৰিবোৰৰ পৰা আশা কৰা সহায় আৰু পৰ্ব্বতবোৰৰ ওপৰত দেৱ-দেৱীৰ আগত কৰা কঢ়াল মিছা। স্বৰূপেই উপলদ্ধি কৰিছোঁ যে, আমাৰ ঈশ্বৰ যিহোৱাইহে ইস্ৰায়েলৰ পৰিত্ৰাণ!