কিয়নো যিহোৱা মঙ্গলময়, তেওঁৰ দয়া চিৰকাল স্থায়ী; তেওঁৰ বিশ্বস্ততা পুৰুষে পুৰুষে স্থায়ী।
গীত 119:90 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 পুৰুষে পুৰুষে তোমাৰ বিশ্বস্ততা স্থায়ী; তুমি পৃথিৱী স্থাপন কৰিলা আৰু সেয়ে সুস্থিৰ হৈ আছে। |
কিয়নো যিহোৱা মঙ্গলময়, তেওঁৰ দয়া চিৰকাল স্থায়ী; তেওঁৰ বিশ্বস্ততা পুৰুষে পুৰুষে স্থায়ী।
তেওঁ চিৰকালৰ কাৰণে সেইবোৰক সঠিক ঠাইত স্থাপন কৰিলে; তেওঁ এটা বিধি দিলে, কোনোৱে তাক উলঙ্ঘন কৰিব নোৱাৰিব।
যিহোৱাই ৰাজত্ব কৰে, তেওঁ মহিমাৰে সজ্জিত; যিহোৱা সুসজ্জিত; তেওঁ পৰাক্ৰমেৰে নিজৰ কঁকাল বান্ধিলে; জগতখনো তেওঁ লৰচৰ হ’ব নোৱাৰাকৈ স্থাপন কৰিলে।
যি দৰে আপুনি অনাদি কালত আমাৰ পূৰ্বপুৰুষসকলৰ আগত শপত কৰিছিল, সেই দৰে আপুনি যাকোবলৈ সত্যতা আৰু অব্ৰাহামলৈ বিশ্বস্ততাৰ চুক্তি দেখুৱাব।
এতেকে আপোনালোকে জানিব যে, ঈশ্বৰ যিহোৱাই আপোনাৰ ঈশ্বৰ; তেওঁক প্ৰেম কৰা আৰু তেওঁৰ আজ্ঞা পালন কৰাসকলৰ পক্ষে তেওঁ হাজাৰ হাজাৰ পুৰুষলৈকে দয়া আৰু নিয়মটি ৰক্ষা কৰোঁতা বিশ্বস্ত ঈশ্বৰ;