তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা! ধন্য সেইজন, যিজনে যিহোৱালৈ ভয় ৰাখে আৰু তেওঁৰ আজ্ঞাবোৰত অতি আনন্দিত হয়।
গীত 119:47 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তোমাৰ আজ্ঞাবোৰত মই সন্তোষ পাওঁ; কাৰণ মই তোমাৰ আজ্ঞাবোৰ ভাল পাওঁ। |
তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা! ধন্য সেইজন, যিজনে যিহোৱালৈ ভয় ৰাখে আৰু তেওঁৰ আজ্ঞাবোৰত অতি আনন্দিত হয়।
পৃথিৱীৰ সকলো দুষ্টক তুমি ময়লাৰ দৰে গণ্য কৰি দূৰ কৰা; এই কাৰণে মই তোমাৰ আজ্ঞাবোৰ ভাল পাওঁ।
চোৱা, মই তোমাৰ আদেশবোৰ কিমান যে ভাল পাওঁ! হে যিহোৱা, তোমাৰ সুস্থিৰ প্রেম অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা।
তোমাৰ আজ্ঞাবোৰ মই পবিত্র বুলি জ্ঞান কৰোঁ, কাৰণ মই সেইবোৰ ভাল পাওঁ; মই তোমাৰ বিধিবোৰ ধ্যান কৰিম।
যীচুৱে তেওঁলোকক ক’লে, “মোক পঠোৱা জনৰ ইচ্ছা পালন কৰা, আৰু তেওঁৰ কাৰ্য সিদ্ধ কৰাই মোৰ আহাৰ।
কাৰণ তাৰ বাবেই তোমালোক আমন্ত্ৰিত হ’লা; কিয়নো তোমালোক যেন খ্ৰীষ্টৰ খোজৰ অনুগামী হোৱা, এই কাৰণে তেওঁ তোমালোকৰ অৰ্থে দুখভোগ কৰি, তোমালোকৰ কাৰণে এটি আৰ্হি থৈ গ’ল।