গীত 119:29 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 মোৰ পৰা মিছা কথাৰ পথ দূৰ কৰা; দয়া কৰি তোমাৰ ব্যৱস্থাৰ শিক্ষা মোক দান কৰা। |
অসাৰ বস্তুবোৰৰ পৰা তুমি মোৰ দৃষ্টি ঘূৰাই আনা; তোমাৰ পথত চলিবলৈ মোক পুনৰ সঞ্জীৱিত কৰা।
অহংকাৰ আৰু মিছা কথা মোৰ পৰা দূৰ কৰা; মোক দৰিদ্ৰ নাইবা ধনৱান নকৰিবা; কেৱল মোৰ প্রয়োজনীয় আহাৰ মোক দিয়া।
এইটো তেওঁ ছাঁই ভোজন কৰাৰ দৰে; তেওঁক প্রবঞ্চক হৃদয়ে বিপথে নিয়ে। তেওঁ নিজৰ প্ৰাণক উদ্ধাৰ কৰিব নোৱাৰে, নাইবা তেওঁ ক’য়, “মোৰ সোঁ হাতে থকা এই বস্তু অনর্থক দেৱতা।”
হে মোৰ বল, হে মোৰ কোঁঠ, আৰু সঙ্কটৰ কালৰ মোৰ আশ্ৰয় হে যিহোৱা, পৃথিৱীৰ অন্তৰ পৰা জাতিবোৰে তোমাৰ ওচৰলৈ আহি ক’ব, “আমাৰ পূৰ্বপুৰুষসকলে মিছা, এনে কি অসাৰ আৰু অনুপকাৰী বস্তুৰ বাহিৰে একো অধিকাৰ কৰা নাই।
আমাৰ পাপ নাই বুলি যদি কওঁ, তেনেহলে আমি নিজেই নিজকে ভুলাওঁ; আৰু আমাৰ অন্তৰত সত্যতা নাই।
কোনোৱে যদি কয়, ‘মই ঈশ্বৰক জানো’, কিন্তু তেওঁৰ আজ্ঞাবোৰ পালন নকৰে; তেনেহলে তেওঁ এজন মিছলীয়া আৰু সেই সত্য তেওঁৰ অন্তৰত নাই৷
কিন্তু বাহিৰৰ কুকুৰবোৰ, মায়াবীবোৰ, ব্যভীচাৰিবোৰ, নৰবধীবোৰ আৰু মূৰ্তিপূজকবোৰ আৰু মিছা কথাক প্ৰেম কৰা আৰু মিছা কথাক অভ্যাস প্ৰতিজন লোক বাহিৰত থাকে।