গীত 119:142 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তোমাৰ ধাৰ্মিকতা চিৰস্থায়ী ধাৰ্মিকতা আৰু তোমাৰ সকলো ব্যৱস্থা সত্য। |
যিহোৱা বিষয়ক যি ভয়, সেয়ে শুচি আৰু চিৰস্থায়ী; যিহোৱাৰ শাসন-প্ৰণালীবোৰ সম্পূর্ণভাৱে সত্য আৰু ধাৰ্মিক।
তোমাৰ ধাৰ্মিকতা পৰাক্রমী পৰ্ব্বতসমূহৰ নিচিনা; তোমাৰ শাসন প্ৰণালীবোৰ যেন গভীৰ মহাসাগৰৰ নিচিনা। হে যিহোৱা, তুমি মনুষ্য আৰু পশু সকলোকে ৰক্ষা কৰোঁতা।
তোমালোকে আকাশলৈ চকু তুলি চোৱা, আৰু তলত থকা পৃথিবীলৈ দৃষ্টি কৰা; কাৰণ আকাশ-মণ্ডল ধোঁৱাৰ দৰে অদৃশ্য হ’ব, পৃথিৱী কাপোৰৰ দৰে ক্ষয় হ’ব, আৰু তাৰ নিবাসীসকল মাখিৰ দৰে মৰিব। কিন্তু মোৰ পৰিত্ৰাণ অনন্তকাললৈ অবিৰাম চলি থাকিব, আৰু মোৰ ধাৰ্মিকতাই কেতিয়াও কাম কৰা বন্ধ নকৰিব।
কাৰণ কাপোৰ খোৱা পোকে কাপোৰ খোৱাৰ দৰে তেওঁলোকক খাব, আৰু পোকে ঊল খোৱাৰ দৰে তেওঁলোকক খাব; কিন্তু মোৰ ধাৰ্মিকতা অনন্তকালৰ বাবে হব, আৰু মোৰ পৰিত্ৰাণ পুৰুষানুক্ৰমে থাকিব।”
অধৰ্ম শেষ কৰিবলৈ, পাপৰ অন্ত কৰিবলৈ, পাপৰ প্ৰায়শ্চিত কৰিবলৈ, চিৰস্থায়ী ধাৰ্মিকতা আনিবলৈ, দৰ্শন আৰু ভাববাণী ক’বলৈ, আৰু মহাপবিত্ৰ স্থান অভিষেক কৰিবলৈ, তোমাৰ লোক আৰু তোমাৰ পবিত্র স্থানৰ বাবে সত্তৰ সপ্তাহ নিৰ্ধাৰণ কৰা হৈছে।