অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




গীত 116:14 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

মই যিহোৱাৰ ওচৰত মোৰ সঙ্কল্পবোৰ পূর্ণ কৰিম; তেওঁৰ সমুদায় লোকৰ সাক্ষাতেই কৰিম।

অধ্যায়টো চাওক



গীত 116:14
11 পৰস্পৰ সংযোগসমূহ  

মই যিহোৱাৰ ওচৰত মোৰ সঙ্কল্পবোৰ পূর্ণ কৰিম; তেওঁৰ সমুদায় লোকৰ সাক্ষাতেই কৰিম।


মহা সমাজৰ মাজত মোৰ যি প্ৰশংসা, সেয়া তোমাৰ পৰাই আহে; তোমালৈ ভয় ৰাখোঁতাসকলৰ সন্মুখতে মই মোৰ সঙ্কল্প পূৰণ কৰিম।


দুখী লোকসকলে খাই তৃপ্ত হব; যি সকলে যিহোৱাক বিচাৰে তেওঁলোকে তেওঁৰ গুণ কীৰ্ত্তন কৰিব। তেওঁলোকৰ হৃদয়বোৰ চিৰকাল জীৱিত হৈ থাকক!


ঈশ্বৰৰ উদ্দেশে ধন্যবাদৰ বলি উৎসৰ্গ কৰা; সৰ্ব্বোপৰি জনাৰ উদ্দেশ্যে তোমাৰ সঙ্কল্পবোৰ পূৰণ কৰা।


হে ঈশ্বৰ, তোমাৰ উদ্দেশে সিদ্ধ কৰিবলগীয়া সঙ্কল্পবোৰ মোৰ গাত আছে; তোমাৰ উদ্দেশে মই ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰিম।


হে প্ৰাৰ্থনা শুনোতা জনা, তোমাৰ ওচৰলৈ সকলো মানুহ আহিব।


সেই লোকসকলে যিহোৱাক অত্যন্ত ভয় কৰিলে, আৰু তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে এটা বলি উৎসৰ্গ কৰিলে আৰু তেওঁৰ ওচৰত সংকল্প কৰিলে।


কিন্তু মই হ’লে স্তুতি-ধন্যবাদেৰে আপোনাৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিম; মই কৰা সংকল্প সিদ্ধ কৰিম; পৰিত্ৰাণ যিহোৱাৰ পৰাই আহে!”


চোৱা, যি জনে শুভবাৰ্ত্তা আনে আৰু শান্তি প্ৰচাৰ কৰে, সেই জনৰ চৰণ পৰ্ব্বতৰ ওপৰত আছে! হে যিহূদা, তোমালোকৰ পৰ্ব্ববোৰ পালন কৰা আৰু তোমালোকৰ প্ৰতিজ্ঞাবোৰ সিদ্ধ কৰা, কিয়নো দুষ্ট লোকজনে তোমালোকক আক্রমণ নকৰিব; সি নিঃশেষে বিনষ্ট হ’ল।


পুনৰায় তোমালোকে শুনিছা, পূর্বকালত এই কথা কোৱা হৈছিল যে ‘তুমি মিছা শপত নাখাবা, বৰং প্ৰভুৰ উদ্দেশ্যে কৰা তোমাৰ শপত পালন কৰিবা’।