পাছত আহাবে ৰাজ-গৃহৰ ঘৰগিৰী ওবদিয়াক মাতি আনিলে; সেই ওবদিয়া যিহোৱাৰ প্ৰতি অতিশয় ভয়কাৰী লোক আছিল৷
গীত 112:1 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা! ধন্য সেইজন, যিজনে যিহোৱালৈ ভয় ৰাখে আৰু তেওঁৰ আজ্ঞাবোৰত অতি আনন্দিত হয়। |
পাছত আহাবে ৰাজ-গৃহৰ ঘৰগিৰী ওবদিয়াক মাতি আনিলে; সেই ওবদিয়া যিহোৱাৰ প্ৰতি অতিশয় ভয়কাৰী লোক আছিল৷
তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা! মই সমস্ত মনেৰে যিহোৱাৰ ধন্যবাদ কৰিম; ধাৰ্মিকসকলৰ সভাত আৰু মণ্ডলীৰ মাজত প্ৰশংসা কৰিম।
যিহোৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ; যিসকলে তেওঁৰ আজ্ঞা অনুসাৰে কাৰ্য কৰে, তেওঁলোকে সুবুদ্ধি পায়; তেওঁৰ প্ৰশংসা অনন্ত কাললৈকে থাকে।
যিসকলে তেওঁক ভয় কৰে, তেওঁ সেই সকলো লোকৰ মনৰ ইচ্ছা পূর্ণ কৰে। তেওঁ তেওঁলোকৰ কাতৰোক্তি শুনি তেওঁলোকক ৰক্ষা কৰে।
তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা; কিয়নো আমাৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গোৱা কেনে উত্তম! কাৰণ সেয়ে সন্তোষজনক, প্ৰশংসাৰ উপযুক্ত।
তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। ঈশ্বৰৰ পবিত্ৰ স্থানত তেওঁৰ প্ৰশংসা কৰা; তেওঁৰ শক্তিৰে গঢ়া আকাশমণ্ডলত তেওঁৰ প্ৰশংসা কৰা।
পাপী লোকে যদিও এশটা কুকৰ্ম কৰি দীৰ্ঘকাল জীয়াই থাকে, তথাপিও মই হ’লে নিশ্চয়কৈ জানো যে, ঈশ্বৰক যিসকলে ভয় কৰে, তেওঁলোকৰ মঙ্গল হ’ব; কাৰণ তেওঁলোকে ঈশ্বৰৰ সাক্ষাতে ভয়েৰে থিয় হয়।
তোমালোকৰ মাজৰ কোনে যিহোৱাক ভয় কৰা? তেওঁৰ দাসৰ বাক্য কোনে পালন কৰা? কোনে পোহৰ নোহোৱাকৈ ঘোৰ আন্ধাৰত খোজ কাঢ়া? তেওঁ যিহোৱাৰ নামত ভাৰসা কৰক, আৰু তেওঁৰ ঈশ্বৰত নিৰ্ভৰ কৰক।