তেওঁ ক’লে, ‘মই গৈ তেওঁৰ আটাই ভাববাদীসকলৰ মুখত মিছা কওঁতা আত্মা হম।’ তেতিয়া যিহোৱাই ক’লে, ‘হয়, তুমি তেওঁক প্ৰলোভিত কৰিবা আৰু কৃতকাৰ্য্যও হ’বা; এতিয়া ওলাই গৈ সেই দৰে কৰা।’
গীত 109:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁলোকে শাও দিবলৈ ভাল পায়; সেই শাও তেওঁলোকৰ ওপৰলৈকে আহঁক। তেওঁলোকে আশীৰ্ব্বাদ ঘৃণা কৰে; সেয়ে আশীর্বাদ তেওঁলোকৰ পৰা দূৰ হওঁক। |
তেওঁ ক’লে, ‘মই গৈ তেওঁৰ আটাই ভাববাদীসকলৰ মুখত মিছা কওঁতা আত্মা হম।’ তেতিয়া যিহোৱাই ক’লে, ‘হয়, তুমি তেওঁক প্ৰলোভিত কৰিবা আৰু কৃতকাৰ্য্যও হ’বা; এতিয়া ওলাই গৈ সেই দৰে কৰা।’
যি জন অবিশ্বাসী, তেওঁ নিজৰ আচৰণৰ ফল ভোগ কৰিব; কিন্তু ভাল লোকে তেওঁৰ যি আছে তাকেই পাব।
এই কাৰণে, প্ৰভু যিহোৱাই কৈছে, ‘মোৰ জীৱনৰ শপত, মই তোমাক ৰক্তময় কৰিম, আৰু ৰক্তই তোমাৰ পাছে পাছে খেদি যাব। যিহেতু তুমি ৰক্তময় ঘিণ কৰা নাছিলা, ৰক্তই তোমাক অনুসৰণ কৰিব।
কিয়নো যেনেকুৱা বিচাৰেৰে তোমালোকে সোধ-বিচাৰ কৰা, তেনেকুৱা বিচাৰেৰে তোমালোকৰো বিচাৰ কৰা হ’ব, আৰু যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোককো জোখা হ’ব।
যিহেতু তেওঁলোকে তোমাৰ পবিত্ৰ লোক আৰু ভাববাদী সকলৰ ৰক্তপাত কৰিলে, সেয়েহে তুমিও তেওঁলোকক পান কৰিবলৈ তেজ দিলা; তেওঁলোক ইয়াৰ যোগ্য৷”