অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




গীত 109:16 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

কাৰণ তেওঁলোকে কেতিয়াও দয়া দেখুৱাৰ কথা মনলৈ নানে, কিন্তু দুখী, দৰিদ্র আৰু হতাশগ্রস্ত লোকসকলক বধ কৰিবৰ কাৰণে তাড়না কৰে।

অধ্যায়টো চাওক



গীত 109:16
16 পৰস্পৰ সংযোগসমূহ  

তাৰ পাছত তেওঁলোকে এজনে আন জনক ক’লে, “বাস্তৱিকতে আমাৰ ভাইৰ বিষয়টোত আমি দোষী; সি যেতিয়া আমাৰ আগত কাকুতি-মিনতি কৰিছিল, তেতিয়া তাৰ মনোকষ্ট দেখিও, আমি কাণসাৰ নিদিলোঁ। সেইবাবেই আমাৰ ওপৰত এই সঙ্কট আহিছে।”


কিন্তু, হে ঈশ্বৰ, তুমি হ’লে দেখা পোৱা; অৱশ্যেই তুমি দুখ-কষ্ট আৰু সঙ্কটলৈ চকু দিয়া, তুমি তোমাৰ হাতেৰেই ইয়াৰ ব্যৱস্থা ল’ব পাৰা; অসহায়জনে তোমাৰ ওচৰতে নিজক সমৰ্পণ কৰে; তুমিয়েইতো অনাথক সহায় কৰোঁতা জনা


অহংকাৰৰ কাৰণে দুষ্টলোকে দৰিদ্রক নির্যাতিত কৰে; তেওঁলোকৰ নিজৰ কু-পৰিকল্পনাত তেওঁলোক নিজেই ধৰা পৰক;


যিহোৱা ভগ্নচিত্তীয়াসকলৰ ওচৰ; খেদিত মন হোৱাসকলক তেওঁ পৰিত্ৰাণ কৰে।


দুখী-দৰিদ্ৰক বিনাশ কৰিবলৈ আৰু সৎ পথত চলাসকলক বধ কৰিবলৈ, দুষ্টবোৰে নিজৰ তৰোৱাল উলিয়াইছে আৰু নিজৰ নিজৰ ধনু ভিৰাইছে।


দুষ্টলোকে ধাৰ্মিক লোকলৈ খাপ পাতি থাকে, তেওঁলোকক বধ কৰিবলৈ বিচাৰে।


দয়ালু সকল ধন্য; কিয়নো তেওঁলোকে দয়া পাব।


কিয়নো যিজনে দয়া নকৰে, সোধ-বিচাৰো তেওঁলৈ নিৰ্দয়ী হয়৷ দয়াই বিচাৰত জয়ী হৈ শ্লাঘা কৰে!