গালাতীয়া 5:6 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কিয়নো খ্ৰীষ্ট যীচুত চুন্নৎ আৰু অচুন্নতৰ একো সাৰ্থকতা নাই, কিন্তু ইয়াৰ পৰিৱৰ্তে প্ৰেমৰ যোগেদি একমাত্ৰ বিশ্বাসে কাৰ্য সাধন কৰে। |
কিন্তু এতিয়া তিনিটা বিষয় আছে: বিশ্বাস, আশা, প্ৰেম, কিন্তু এই কেইটাৰ মাজত প্ৰেমেই শ্ৰেষ্ঠ।
চুন্নৎ হওক বা নহওক, সেইটো গুৰুত্বপূর্ণ বিষয় নহয়, কিন্তু ঈশ্বৰৰ আজ্ঞা পালন কৰাই হ’ল সাৰ কথা।
কাৰণ খ্ৰীষ্টৰ প্ৰেমে আমাক সীমাবদ্ধ কৰি ৰাখিছে; কিয়নো আমি নিশ্চয় কৰিলোঁ যে, সকলোৰে কাৰণে এজন মৰিল, এতেকে সকলোৱে মৰিল৷
এতিয়া খ্রীষ্ট যীচুত যি সকল আছে, তেওঁলোকৰ মাজত ইহুদী কি গ্ৰীক, দাস কি স্বাধীনৰ কোনো পার্থক্য নাই; পুৰুষ বা স্ত্রীৰ মাজত কোনো ভেদাভেদ নাই। কিয়নো খ্ৰীষ্ট যীচুত আপোনালোক সকলোৱেই এক।
আমি শুনিবলৈ পালোঁ যে, খ্ৰীষ্ট যীচুত আপোনালোকৰ যি বিশ্বাস আৰু ঈশ্বৰৰ কাৰণে পৃথক কৰি ৰখা পবিত্ৰ লোক সকলৰ প্ৰতি যি প্ৰেম আছে,
এই জ্ঞানত কোনো গ্ৰীক বা ইহুদী, চুন্নৎ বা অচুন্নৎ, অসভ্য লোক, স্কুথীয়া, দাস, স্বাধীন, এনে কোনো থাকিব নোৱাৰে; কিন্তু খ্ৰীষ্টই সকলো বিষয় আৰু সকলোতে থাকে৷
আপোনালোকৰ বিশ্বাসৰ কাৰ্য, প্ৰেমৰ পৰিশ্ৰম আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টত যি আশা আছে, সেই আশাক দৃঢ়ভাবে আৰু সহনশীলতাৰে যে আপোনালোকে ধৰি ৰাখিছে, সেয়েহে এইবোৰ বিষয় সোঁৱৰণ কৰি নিৰন্তৰে আমি পিতৃ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি আছোঁ।
ঈশ্বৰত বিশ্বাস আছিল কাৰণে ঈশ্বৰে যেতিয়া অব্ৰাহামক আহ্বান কৰিলে, তেতিয়া তেওঁ বাধ্য হ’ল, আৰু তেওঁক যি দেশ দিম বুলি ঈশ্বৰে কৈছিল, সেই দেশ অধিকাৰ কৰিবৰ বাবে তেওঁ গৈছিল; আৰু ক’লৈ যাব লাগে, সেই বিষয়ে নাজানিও ওলাই গৈছিল।
যদিও মিচৰৰ পৰা ওলাই অহা সকলো লোকৰে চুন্নৎ কৰোঁৱা হৈছিল; কিন্তু ওলাই আহোঁতে মৰুভূমিৰ পথত জন্ম হোৱাসকলৰ কোনো এজনৰে চুন্নৎ কৰোঁৱা হোৱা নাছিল।
তেওঁক আপোনালোকে দেখা নাই, কিন্তু আপোনালোকে তেওঁক প্ৰেম কৰিছে; এতিয়াও আপোনালোকে তেওঁক দেখা নাই কিন্তু আপোনালোকে তেওঁক বিশ্বাস কৰি আছে আৰু আপোনালোক অনির্বচনীয় উল্লাসত মহা আনন্দিত হৈ গৌৰৱময় হৈছে৷