গালাতীয়া 3:24 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 এইদৰে খ্রীষ্ট নহালৈকে বিধান আমাৰ কঠোৰ অভিভাৱক হ’ল যাতে বিশ্বাসৰ দ্বাৰাই আমি ধাৰ্মিক বুলি গণিত হ’ব পাৰোঁ। |
কিয়নো খ্ৰীষ্টত যদিও আপোনালোকৰ দহ হাজাৰ গুৰু থাকিব পাৰে, কিন্তু পিতৃ অনেক নাই; কাৰণ খ্রীষ্ট যীচুত শুভবাৰ্তাৰ দ্বাৰা ময়েই আপোনালোকৰ পিতৃ স্বৰূপ হ’লো।
তথাপি আমি জানো যে কোনেও বিধানৰ কর্মেৰে নহয়, কিন্তু অকল যীচু খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাইহে ধাৰ্মিক বুলি গণিত হয়; সেই কাৰণে আমিও খ্রীষ্ট যীচুৰ ওপৰত বিশ্বাস কৰিছোঁ যেন আমিও বিধানৰ কৰ্মেৰে নহয়, কিন্তু খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হওঁ। কিয়নো বিধানৰ কৰ্মৰ দ্বাৰাই কোনো মানুহেই ধাৰ্মিক বুলি গণিত নহ’ব।
মইতো বিধানৰ দ্বাৰাই বিধানৰ উদ্দেশ্যে মৰিলোঁ, যেন ঈশ্বৰৰ উদ্দেশ্যে জীয়াই থাকিব পাৰোঁ।