অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




গননা 7:32 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল।

অধ্যায়টো চাওক



গননা 7:32
7 পৰস্পৰ সংযোগসমূহ  

মেৰ-ছাগ ছাগলী আৰু ধূপেৰে সৈতে, মই তোমাৰ উদ্দেশে হৃষ্টপুষ্ট হোম-বলি উৎসৰ্গ কৰিম; ছাগলীৰ সৈতে দামুৰিকো বলিদান উৎসর্গ কৰিম। [চেলা]


কিয়নো সূৰ্যৰ উদয়স্থানৰ পৰা অস্তগমণস্থান পর্যন্ত সকলো জাতিৰ মাজত মোৰ নাম মহান হ’ব আৰু প্ৰত্যেক স্থানত মোৰ নামৰ উদ্দেশ্যে ধূপ জ্বলোৱা আৰু শুচি নৈবেদ্য উৎসৰ্গ কৰা হ’ব; কিয়নো মোৰ নাম জাতিবোৰৰ মাজত মহান হ’ব” বাহিনীগণৰ যিহোৱাই কৈছে,


তেওঁ ধূপেৰে পূৰ হোৱা দহ চেকল জোখ সোণৰ এটা পিয়লাও দান কৰিছিল।


তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাটি আনিছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল;


তেওঁ হোমৰ অৰ্থে এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল;


ধূপ জ্বলোৱাৰ সময়ত তাত গোট খোৱা সকলো লোকে বাহিৰত প্ৰাৰ্থনা কৰি আছিল।


পাছত সোণৰ ধূপবাতি লোৱা আন এজন দূত আহি বেদিৰ ওচৰত উপস্থিত হ’ল; আৰু সিংহাসনৰ আগত থকা সোণৰ বেদিৰ ওপৰত পবিত্ৰ লোক সকলে প্ৰাৰ্থনাত জ্বলাবলৈ, তেওঁক ভালেমান ধূপ দিয়া হ’ল।