অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




গননা 5:26 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

আৰু পুৰোহিতে সেই ভক্ষ্য নৈবেদ্যৰ এমুঠি লৈ, তাৰ স্মৰণাৰ্থক অংশস্বৰূপে যজ্ঞবেদীৰ ওপৰত দগ্ধ কৰিব; তাৰ পাছত তেওঁ সেই মহিলাক সেই পানী পান কৰাব।

অধ্যায়টো চাওক



গননা 5:26
5 পৰস্পৰ সংযোগসমূহ  

তেতিয়া তেওঁৰ সেই উপহাৰ তেওঁ হাৰোণৰ পুত্ৰ পুৰোহিত সকলৰ ওচৰলৈ আনিব; পাছত পুৰোহিতসকলৰ এজনে তাৰ পৰা এমুঠি মিহি আটাগুড়ি, এচলু তেল, আৰু আটাইখিনি ধূপ-ধূনা লৈ, তাৰ স্মৰণাৰ্থক অংশ বুলি তাক বেদীৰ ওপৰত দগ্ধ কৰিব; সেয়ে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ।


পুৰোহিত জনে সেই নৈবেদ্যৰ স্মৰণাৰ্থক অংশ লৈ বেদীত দগ্ধ কৰিব; সেয়ে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ।


তেওঁ ইয়াক নিশ্চয়ে পুৰোহিতৰ ওচৰলৈ আনিব আৰু পুৰোহিতে তেওঁৰ স্মৰণাৰ্থক নৈবেদ্য হিচাবে তেওঁৰ বুলি তেওঁৰ পৰা এমুঠি লৈ যিহোৱাৰ অগ্নিকৃত উপহাৰৰ বিধিমতে তাক বেদীত দগ্ধ কৰিব; সেয়ে পাপাৰ্থক নৈবেদ্য।


পাছত পুৰোহিতে ভক্ষ্য নৈবেদ্যৰ পৰা এমুঠি মিহি আটাগুড়ি আৰু সেই তেল লৈ নৈবেদ্যৰ ওপৰত থকা আটাইখিনি ধূপ-ধূনা লৈ, তাৰ স্মৰণাৰ্থক অংশ বুলি সুঘ্ৰাণৰ অৰ্থে যিহোৱাৰ উদ্দেশ্যে বেদীত দগ্ধ কৰিব।


পুৰোহিতে সেই মহিলাৰ হাতৰ পৰা সেই অন্তৰ্জ্বালাৰ ভক্ষ্য নৈবেদ্য নিজ হাতত লৈ যিহোৱাৰ সাক্ষাতে দোলাই যজ্ঞবেদীৰ ওচৰলৈ আনিব লাগিব।