তেতিয়া ল’ৰাটিৰ মাতৃয়ে এলিয়াক ক’লে, “হে ঈশ্বৰৰ লোক, আপোনাৰ লগত মোৰ কি সমন্ধ? আপুনি জনো মোৰ অপৰাধ সোঁৱৰাবলৈ আৰু মোৰ পুত্ৰক মাৰি পেলাবলৈ আহিছে!”
গননা 5:15 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া এই বোৰ ক্ষেত্রত সেই পুৰুষ জনে নিজ পত্নীক পুৰোহিতৰ ওচৰলৈ আনিব। তেওঁ তাইৰ কাৰণে তাইৰ উপহাৰ, অৰ্থাৎ ঐফাৰ দহ ভাগৰ এভাগ যৱৰ আটাগুড়ি আনিব। কিন্তু তেওঁ তাৰ ওপৰত তেল নাঢালিব, আৰু কুন্দুৰু নিদিব; কিয়নো সেয়ে অন্তৰ্জ্বালাৰ ভক্ষ্য নৈবেদ্য, অপৰাধ সোঁৱৰণ কৰাওঁতা স্মৰণাৰ্থক ভক্ষ্য নৈবেদ্য। |
তেতিয়া ল’ৰাটিৰ মাতৃয়ে এলিয়াক ক’লে, “হে ঈশ্বৰৰ লোক, আপোনাৰ লগত মোৰ কি সমন্ধ? আপুনি জনো মোৰ অপৰাধ সোঁৱৰাবলৈ আৰু মোৰ পুত্ৰক মাৰি পেলাবলৈ আহিছে!”
সেই মঙ্গলচোৱা কাৰ্যটো বৃথা হ’ব বুলি বাবিলনৰ ৰজাৰ আগত শপত খোৱা যিৰূচালেমৰ লোকসকলে ভাবিব! কিন্তু অৱৰোধ কৰিবলৈ যি চুক্তি তেওঁলোকে উলংঘন কৰাৰ বাবে ৰজাই তেওঁলোকক দোষাৰূপ কৰিব!
তেওঁলোকে কেতিয়াও ইস্ৰায়েল-বংশৰ বিশ্বাস-ভূমি নহ’ব আৰু মিচৰ পাছত যাবলৈ তেওঁলোকে মুখ কৰা কালত তেওঁলোক অপৰাধ সোঁৱৰণ কৰাওঁতাও আৰু নহ’ব; তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তেওঁলোকে জানিব’।”
“তুমি ইস্ৰায়েলৰ সন্তানসকলক এই কথা কোৱা, ‘তোমালোকৰ মাজৰ কোনোৱে যদি যিহোৱাৰ উদ্দেশ্যে উপহাৰ উৎসৰ্গ কৰে, তেন্তে সেয়ে ষাঁড়-গৰু আৰু মেৰ বা মেৰ-ছাগ হ’ব লাগিব।
যেতিয়া কোনো লোক এজনে যিহোৱাৰ উদ্দেশ্যে ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰে, তেতিয়া তেওঁৰ উপহাৰ মিহি আটাগুড়ি হ’ব; আৰু তেওঁ তাত তেল ঢালি তাৰ ওপৰত ধূপ-ধূনা দিব।
কিন্তু তেওঁ যদি দুটা কপৌ বা দুটা পাৰ পোৱালি আনিবলৈ অসমৰ্থ হয়, তেন্তে তেওঁ নিজে কৰা পাপ কৰ্মৰ বাবে, নিজ উপহাৰ স্বৰূপে ঐফাৰ দহ ভাগৰ এভাগ মিহি আটাগুড়ি, পাপাৰ্থক নৈবেদ্যস্বৰূপে আনিব; তাৰ ওপৰত তেল নিদিব, কিয়নো সেয়ে পাপাৰ্থক নৈবেদ্য।