কিয়নো আমি অৱশ্যে মৰিম; আৰু আমি পুনৰায় জমা কৰিব নোৱাৰা মাটিত পৰা পানীৰ নিচিনা হ’ম৷ ঈশ্বৰে প্ৰাণ নিনিয়ে, কিন্তু আপোনাৰ পৰা দেশান্তৰ কৰা লোক যাতে দেশান্তৰিত হৈ নাথাকে, তাৰ উপায় চিন্তা কৰে।
গননা 35:25 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 আৰু সমাজে ৰক্তপাতৰ প্ৰতিকাৰ সাধকৰ হাতৰ পৰা সেই মানুহ বধীক উদ্ধাৰ কৰিব; আৰু সি যি ঠাইলৈ পলাইছিল, নিজৰ সেই আশ্ৰয় নগৰলৈ সমাজে তাক পুনৰায় পঠাই দিব; আৰু পবিত্ৰ তেলেৰে অভিষিক্ত হোৱা প্ৰধান পুৰোহিতৰ মৃত্যু নহয়মানলৈকে সি সেই নগৰতে থাকিব। |
কিয়নো আমি অৱশ্যে মৰিম; আৰু আমি পুনৰায় জমা কৰিব নোৱাৰা মাটিত পৰা পানীৰ নিচিনা হ’ম৷ ঈশ্বৰে প্ৰাণ নিনিয়ে, কিন্তু আপোনাৰ পৰা দেশান্তৰ কৰা লোক যাতে দেশান্তৰিত হৈ নাথাকে, তাৰ উপায় চিন্তা কৰে।
আৰু নিজ ভাইসকলৰ মাজত যি প্ৰধান পুৰোহিতৰ মুৰত যি অভিষেকাৰ্থক তেল ঢলা গ’ল আৰু পবিত্ৰ বস্তুবোৰ পিন্ধিবৰ কাৰণে নিযুক্ত কৰা হ’ল, তেওঁ নিজৰ মুৰৰ চুলি মুকলিকৈ নাৰাখিব আৰু নিজৰ কাপোৰ নাফালিব।
তেতিয়া লোকসকলক দোষত পেলোৱাকৈ পাপ কৰা জন যদি অভিষিক্ত পুৰোহিত হয়, তেন্তে তেওঁ নিজে কৰা পাপৰ কাৰণে, যিহোৱাৰ উদ্দেশ্যে এটা নিঘূণ দমৰা ষাঁড়-গৰু পাপাৰ্থক বলি স্বৰূপে উৎসৰ্গ কৰিব।
তেওঁ অভিষেকাৰ্থক তেলৰ কিছু লৈ, হাৰোণৰ মুৰত ঢালি দিলে আৰু তেওঁক পবিত্ৰ কৰিবৰ অৰ্থে অভিষেক কৰিলে।
তেতিয়া সমাজে সেই প্ৰহাৰকৰ আৰু ৰক্তপাতৰ প্ৰতিকাৰ সাধকৰ মাজত এই শাসন অনুসাৰে বিচাৰ কৰিব।
কিয়নো প্ৰধান পুৰোহিতৰ মৃত্যু নোহোৱালৈকে সি নিজৰ আশ্ৰয় নগৰত থাকিব লাগিছিল; কিন্তু প্ৰধান পুৰোহিতৰ মৃত্যুৰ পাছত সেই মানুহ বধী নিজ আধিপত্যৰ দেশলৈ উলটি যাব পাৰিব।
সেই কালৰ মহা-পুৰোহিতৰ মৃত্যু নোহোৱা পৰ্য্যন্ত আৰু সেই নৰবধীয়ে বিচাৰৰ বাবে সমাজৰ সাক্ষাতে থিয় নোহোৱালৈকে, তেওঁ সেই নগৰতে বাস কৰিব লাগিব৷ তেতিয়া তেওঁ যি নগৰৰ পৰা পলাই আহিছিল, নিজৰ সেই নগৰ আৰু নিজৰ ঘৰলৈ উলটি যাব পাৰিব’।”