গননা 35:1 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 পাছত যিহোৱাই মোৱাবৰ সমথলত যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ ওচৰত মোচিক ক’লে, |
তথাপি লেবীয়াসকলৰ উত্তৰাধিকাৰত থকা নগৰৰ ঘৰবোৰ লেবীয়াসকলে যি কোনো সময়ত মুকলি কৰিব পাৰিব।
যৰ্দ্দন নদীৰ পৰা আনফালে যিৰীহোৰ ওচৰত থকা মোৱাবৰ সমথলত ছাউনি নপতালৈকে ইস্ৰায়েলৰ সন্তান সকলে যাত্রা কৰি আছিল।
তেতিয়া মোচি আৰু ইলিয়াজৰ পুৰোহিতে যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ ওচৰত মোৱাবৰ সমথলত লোকসকলক ক’লে,
এই সকল লোকক মোচি আৰু পুৰোহিত ইলিয়াজৰৰ দ্বাৰাই গণনা কৰা হ’ল; তেওঁলোকে যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ ওচৰত মোৱাবৰ সমথলত ইস্ৰায়েলৰ সন্তান সকলক গণনা কৰিলে।
তেওঁলোকে যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ পাৰৰ মোৱাবৰ সমথলত থকা ছাউনিলৈ, মোচি, পুৰোহিত ইলিয়াজৰ আৰু ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীৰ গুৰিলৈ, সেই বন্দী কৰি নিয়া লোকবোৰ, যুদ্ধত ধৰা পশুবোৰ, আৰু লুটি লোৱা সম্পত্তিবোৰ আনিলে।
কনান দেশত ইস্ৰায়েলৰ সন্তান সকলৰ কাৰণে উত্তৰাধীকাৰ ভাগ কৰি দিবলৈ যিহোৱাই এই সকলো লোকক আজ্ঞা কৰিলে।
“তুমি ইস্ৰায়েলৰ সন্তান সকলক তেওঁলোকৰ স্বত্ব থকা আধিপত্যৰ পৰা কেইখনমান নগৰ, বাস কৰিবৰ কাৰণে লেবীয়াসকলক দিবলৈ আৰু সেই নগৰে সৈতে তাৰ চাৰিওফালে থকা চৰণী ঠাই তেওঁলোকক দিবলৈ আজ্ঞা দিয়া।
যিহোৱাই যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ ওচৰত মোৱাবৰ সমথলত মোচিৰ দ্বাৰাই ইস্ৰায়েলৰ সন্তান সকলক এই সকলো আজ্ঞা আৰু শাসন-প্ৰণালী দিলে।
যিহোৱাই মোচিক যি দৰে আজ্ঞা দিছিল, সেই অনুসাৰে ইস্ৰায়েলৰ সন্তান সকলে কাৰ্য কৰি দেশ ভাগ কৰি ল’লে।
তেতিয়া লেবীয়াসকলৰ পিতৃবংশৰ মুখিয়াল লোকসকলে ইলিয়াজৰ পুৰোহিত, নুনৰ পুত্ৰ যিহোচূৱা আৰু ইস্ৰায়েলৰ সন্তান সকলৰ ফৈদৰ পিতৃ-বংশৰ পৰিয়াল সমূহৰ লোকসকলৰ ওচৰলৈ আহিল৷