সেই সময়ত চলোমনে যিৰূচালেমৰ পূৱ দিশে থকা পৰ্বতত মোৱাবৰ ঘিণলগীয়া দেৱতা কমোচ আৰু অম্মোনৰ সন্তান সকলৰ ঘিণলগীয়া দেৱতা মোলকৰ কাৰণে এখন পবিত্ৰ ঠাই নিৰ্মাণ কৰিছিল।
গননা 33:52 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া তোমালোকৰ আগৰ পৰা সেই দেশ নিবাসী সকলো লোকক দূৰ কৰিবা। আৰু তেওঁলোকৰ সকলো নক্সা কটা শিলবোৰ আৰু আটাই সাঁচত ঢলা প্ৰতিমাবোৰ নষ্ট কৰিবা আৰু তেওঁলোকৰ আটাই ওখ ঠাইবোৰ উচ্ছন্ন কৰিবা। |
সেই সময়ত চলোমনে যিৰূচালেমৰ পূৱ দিশে থকা পৰ্বতত মোৱাবৰ ঘিণলগীয়া দেৱতা কমোচ আৰু অম্মোনৰ সন্তান সকলৰ ঘিণলগীয়া দেৱতা মোলকৰ কাৰণে এখন পবিত্ৰ ঠাই নিৰ্মাণ কৰিছিল।
তোমালোকে তেওঁলোকৰ দেৱতাবোৰৰ আগত প্ৰণিপাত নকৰিবা, সেৱা পূজাও নকৰিবা বা তেওঁলোকে কৰা কাৰ্যৰ দৰে কোনো কাৰ্য নকৰিবা। তাৰ পৰিৱৰ্তে সেইবোৰক সম্পূৰ্ণকৈ বিনষ্ট কৰিবা, আৰু তেওঁলোকৰ শিলৰ স্তম্ভবোৰ একেবাৰে ভাঙি গুড়ি কৰি পেলাবা।
“তোমালোকে তোমালোকৰ কাৰণে প্ৰতিমা নাসাজিবা, আৰু কটা-মুৰ্ত্তি বা স্তম্ভ স্থাপন নকৰিবা, পৰিসেৱা কৰিবৰ কাৰণে তোমালোকৰ দেশত নক্সা কটা কোনো শিল স্থাপন নকৰিবা; কিয়নো মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
যুদ্ধক্ষেত্রত যিহোৱাই তেওঁলোকক আপোনালোকৰ হাতত শোধাই দিব আৰু মই আপোনালোকক দিয়া সকলো আজ্ঞা অনুসাৰে আপোনালোকে তেওঁলোকৰ প্রতি ব্যৱহাৰ কৰিব।
হে ইস্ৰায়েল, তুমি ধন্য; যিহোৱাৰ দ্বাৰাই নিস্তাৰ পোৱা জাতি যি তোমালোক, তোমালোকৰ সদৃশ কোন আছে? তেওঁ তোমালোকৰ সাহার্যকাৰী ঢাল, তোমালোকৰ গৌৰৱৰ তৰোৱাল; শত্ৰুবোৰ তোমালোকৰ ওচৰলৈ কম্পমান হৈ আহিব; তোমালোকে ওখ ঠাইবোৰত ভৰি দিবা।”
যিহোৱাই নিজৰ দাস মোচিক যেনে আজ্ঞা দিছিল, মোচিয়েও যিহোচূৱাক তেনে আজ্ঞা কৰিছিল৷ আৰু যিহোৱাই মোচিক কাৰ্য কৰিবলৈ দিয়া সকলো আদেশৰ দৰে যিহোচূৱাই কাৰ্য কৰিলে, আৰু এটা কথাও তেওঁ নকৰাকৈ নাথাকিল।
তোমালোকৰ মাজত অৱশিষ্ট থকা এই জাতি সমূহৰ মাজত নুসোমাবা, তেওঁলোকৰ দেৱতাৰ নাম নলবা, সেইবোৰৰ নামেৰে শপত নাখাবা, সেইবোৰক পূজা নকৰিবা আৰু সেইবোৰৰ আগত প্ৰণিপাত নকৰিবা৷
তেতিয়া ইস্ৰায়েলৰ লোকসকলে সেই হিব্বীয়াসকলক ক’লে, “হয়তো আপোনালোক আমাৰ ওচৰতে বাস কৰে৷ সেয়ে হ’লে আমি আপোনালোকৰ সৈতে কেনেকৈ নিয়ম স্থিৰ কৰিব পাৰোঁ?”
তোমালোকেও এই দেশৰ লোকসকলৰ সৈতে কোনো চুক্তি নকৰিবা; সিহঁতৰ বেদিবোৰ ভাঙি পেলাবা।’ কিন্তু তোমালোকে মোৰ কথালৈ কাণ নিদিলা। তোমালোকে কিয় এনে কার্য কৰিলা?