অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




গননা 3:9 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

আৰু তুমি লেবীয়াসকলক হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক দিবা। ইস্ৰায়েলৰ সন্তান সকলৰ পৰিচর্যাত সহায় কৰিবলৈ সম্পূৰ্ণৰূপে তেওঁলোকক তেওঁলৈ দিয়া হ’ল।

অধ্যায়টো চাওক



গননা 3:9
15 পৰস্পৰ সংযোগসমূহ  

তেতিয়া দায়ূদে ক’লে, “ঈশ্বৰৰ নিয়ম-চন্দুক কেৱল লেবীয়াসকলে বব পাৰিব, কাৰণ যিহোৱাই নিয়ম-চন্দুক ববলৈ আৰু সদা-সৰ্ব্বদাই তেওঁৰ পৰিচৰ্যা কৰিবলৈ তেওঁলোকক মনোনীত কৰিছে।”


এওঁলোকেই সেই সকল যি নিজৰ সন্তান সকলৰ সৈতে পৰিচৰ্যা কৰিছিল। কহাতৰ গোষ্ঠীৰ পৰা সংগীতজ্ঞ হেমন আহিছিল। ইয়াত তেওঁৰ পূৰ্বপূৰুষৰ নাম উল্লেখ কৰা হ’ল: হেমন আছিল যোৱেলৰ পুত্ৰ। যোৱেল আছিল চমূৱেলৰ পুত্র।


যিসকলক মন্দিৰৰ পৰিচৰ্যাৰ বাবে নিযুক্ত কৰা হৈছিল, তেওঁলোক হ’ল: চীহা, হচুফা, টব্বায়োৎ,


মোচিৰ পুস্তকখনত লিখা অনুসাৰে তেওঁলোকে যিৰূচালেমত ঈশ্বৰৰ পৰিচৰ্যাৰ অৰ্থে পুৰোহিতসকলক আৰু লেবীয়াসকলক কাৰ্যৰ বিভাগ অনুসাৰে নিযুক্ত কৰিলে।


দায়ুদ আৰু তেওঁৰ বিষয়াসকলে লেবীয়াসকলৰ সেৱকীয় কাৰ্যৰে মন্দিৰত পৰিচৰ্যা কৰিবৰ বাবে দুশ বিশজন লোকক নিযুক্ত কৰিছিল। তেওঁলোকক নাম অনুসাৰে নিযুক্ত কৰা হৈছিল।


ইস্ৰায়েলৰ ঈশ্বৰে যে তোমালোকক ইস্ৰায়েলৰ সমাজৰ পৰা পৃথক কৰি, যিহোৱাৰ আবাসৰ সেৱাকৰ্ম কৰিবলৈ আৰু মণ্ডলীৰ আগত থিয় হৈ তাৰ পৰিচৰ্যা কৰিবলৈ নিজৰ ওচৰ চপাই ৰাখিছে, ই জানো তোমালোকৰ মানত সৰু কথা?


আৰু তোমাৰ ভাই লেবী ফৈদ, অৰ্থাৎ তোমাৰ পিতৃ ফৈদক লগত আনিবা; তেওঁলোকে তোমাৰ লগ লৈ, তোমাৰ পৰিচৰ্যা কৰিব লাগে, কিন্তু তুমি আৰু তোমাৰে সৈতে তোমাৰ পুত্ৰসকলে সাক্ষ্য-ফলি থকা তম্বুৰ আগত থাকিবা।


আবাসৰ কাৰ্য কৰি সাক্ষাৎ কৰা তম্বুৰ আটাই বস্তুৰ বাবে যি যি যত্ন ল’ব লগীয়া আৰু ইস্ৰায়েলৰ সন্তান সকলৰ যি যি কৰিব লগীয়া, তাত তেওঁলোকে সহায় কৰিব লাগিব।


এইদৰে তুমি ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা লেবীয়াসকলক পৃথক কৰিবা; আৰু লেবীয়াসকল মোৰেই হ’ব।


তুমি ইয়াকে কৰিবা কিয়নো তেওঁলোকক সম্পূৰ্ণৰূপে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা মোক দিয়া হ’ল। তেওঁলোকে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ গৰ্ভ ভেদ কৰি সকলো প্ৰথমে জন্মাসকলৰ সলনি তেওঁলোকক মোৰ কাৰণে গ্ৰহণ কৰিলোঁ।


এই কাৰণে ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰথমে জন্মা সকলো সন্তান সকলৰ সলনি মই লেবীয়াসকলক গ্ৰহণ কৰিলোঁ।


আৰু সাক্ষাৎ কৰা তম্বুত ইস্ৰায়েলৰ সন্তান সকলে কৰিবলগীয়া কাৰ্য কৰিবলৈ আৰু ইস্ৰায়েলৰ সন্তান সকলক প্ৰায়শ্চিত্ত কৰিবলৈ, ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা লেবীয়াসকলক, হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক দানস্বৰূপে দিলোঁ; যাতে ইস্ৰায়েলৰ সন্তান সকলে পবিত্ৰ স্থানৰ ওচৰ চাপিলে ইস্ৰায়েলৰ সন্তান সকলৰ মাজত কোনো আপদ নঘটিব।”


সেই খ্ৰীষ্টই লোক সকলক এইৰূপে বৰ দান দিলে; কিছুমানক পাঁচনি, কিছুমানক ভাৱবাদী, কিছুমানক শুভবার্তা প্ৰচাৰক, কিছুমানক পালক আৰু শিক্ষক হবলৈ ক্ষমতা দিলে।


শাস্ত্রত লিখাৰ দৰে, তেওঁ ওপৰলৈ উঠিল, বন্দীয়াৰ সকলক বন্দী কৰি নিলে, আৰু লোক সকলক নানা বৰ দান দিলে।