গননা 3:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 আৰু নিজ নিজ বংশ অনুসাৰে কহাতৰ পুতেক সকলৰ নাম অম্ৰম, যিচহৰ, হিব্ৰোণ আৰু উজ্জীয়েল। |
হেমনৰ পুত্র সকলৰ পৰা: বুক্কিয়া, মত্তনিয়া, উজ্জীয়েল, চবূৱেল, যিৰীমোৎ, হননিয়া, হনানী, ইলীয়াথা, গিদ্দলতী, ৰোমমতী-এজৰ, যচবিকাচা, মল্লোথী, হোথীৰ আৰু মহজীয়োৎ।
কোৰহ আছিল যিচহৰৰ পুত্র। যিচহ আছিল কহাতৰ পুত্র। কহাৎ আছিল লেবীৰ পুত্র। লেবী আছিল ইস্ৰায়েলৰ পুত্র।
তেতিয়া সেই লেবীয়াসকল উঠিল: কহাতৰ সন্তান সকলৰ মাজৰ অমাচয়ৰ পুত্ৰ মহৎ আৰু অজৰিয়াৰ পুত্ৰ যোৱেল, মৰাৰীৰ সন্তান সকলৰ মাজৰ অব্দীৰ পুত্ৰ কীচ আৰু যিহল্লেলৰ পুত্ৰ অজৰিয়া; গেৰ্চোনীয়াসকলৰ মাজৰ জিম্মাৰ পুত্ৰ যোৱাহ আৰু যোৱাহৰ পুত্ৰ এদন;
লেবীৰ পুত্র সকলৰ সৈতে তেওঁলোকৰ বংশধৰ নাম এই তালিকাত উল্লেখিত আছে। তেওঁলোকৰ নাম হ’ল: গেৰ্চোন, কহাৎ, আৰু মৰাৰী। লেবী এশ সাতত্ৰিশ বছৰ বয়সলৈকে জীয়াই আছিল।
কহাতৰ পুত্র সকল হ’ল অম্ৰম, যিচহৰ, হিব্ৰোণ, আৰু উজ্জীয়েল। কহাত এশ তেত্ৰিশ বছৰ বয়সলৈকে জীয়াই আছিল।
অম্ৰমে তেওঁৰ পিতৃৰ ভনীয়েক যোকেবদক বিয়া কৰাইছিল। তেওঁ হাৰোণ আৰু মোচিক জন্ম দিছিল। অম্ৰম এশ সাতত্ৰিশ বছৰ জীয়াই আছিল আৰু তাৰ পাছত তেওঁৰ মৃত্যু হৈছিল।
লেবী-বংশৰ গোষ্ঠীয়ে বেলেগকৈ আৰু তেওঁলোকৰ পত্নীসকল বেলেগে; চিমিয়ীৰ গোষ্ঠীয়ে বেলেগে আৰু তেওঁলোকৰ পত্নীসকল বেলেগে;
আৰু নিজ নিজ বংশ অনুসাৰে মৰাৰীৰ পুতেক সকলৰ নাম মহলী আৰু মুচী। নিজ নিজ পিতৃ-বংশ অনুসাৰে এই সকলেই লেবীয়াসকলৰ বংশ।
কহাতৰ পৰা অম্ৰীময়া সকলৰ বংশ, যিচহৰীয়া সকলৰ বংশ, হিব্ৰোণীয়া সকলৰ বংশ আৰু উজ্জীয়েলীয়া সকলৰ বংশৰ জন্ম হ’ল; এই সকলো কহাতীয়া সকলৰ গোষ্ঠী।