পাছত ইস্ৰায়েলৰ পুত্ৰসকলে তেনেকৈয়ে কৰিলে; ফৰৌণৰ আদেশ অনুসাৰে যোচেফে তেওঁলোকৰ কাৰণে গাড়ী আৰু পথত যোৱাৰ বাবে প্ৰয়োজনীয় বস্তুবোৰো দিলে।
গননা 3:16 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তাতে মোচিয়ে যেনেকৈ যিহোৱাৰ পৰা আজ্ঞা পালে, তেনেকৈ যিহোৱাৰ বাক্যৰ দৰেই তেওঁলোকক গণনা কৰিলে। |
পাছত ইস্ৰায়েলৰ পুত্ৰসকলে তেনেকৈয়ে কৰিলে; ফৰৌণৰ আদেশ অনুসাৰে যোচেফে তেওঁলোকৰ কাৰণে গাড়ী আৰু পথত যোৱাৰ বাবে প্ৰয়োজনীয় বস্তুবোৰো দিলে।
“তুমি নিজ নিজ পিতৃ-বংশ আৰু গোষ্ঠী অনুসাৰে লেবীৰ সন্তান সকলক গণনা কৰা। এমহীয়া আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষক গণনা কৰিবা।”
মোচি আৰু হাৰোণে যিহোৱাৰ আজ্ঞাৰ দৰে নিজ নিজ বংশ অনুসাৰে যি লেবীয়া সকলক গণনা কৰিলে, লেবীয়া সকলৰ সেই গণিত লোক, এমহীয়া আৰু তাতকৈ অধিক বয়সীয়া পুৰুষৰ সংখ্যা সৰ্ব্বমুঠ বাইচ হাজাৰ।
পাছত যিহোৱাৰ বাক্য অনুসাৰে মোচিয়ে সকলো কৰিলে, যিহোৱাই যিদৰে মোচিক আজ্ঞা দিছিল, মোচিয়ে সেই মুকলি কৰা ধন হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক দিলে।
গেৰ্চোনৰ সন্তানসকলৰ সকলো ভাৰ বোৱা কাৰ্য, হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ আজ্ঞা অনুসাৰে হ’ব। ভাৰ বোৱা আটাই বস্তু তোমালোকে তেওঁলোকৰ জিম্মালৈ দিবা।
মোচিৰ যোগেদি দিয়া যিহোৱাৰ আজ্ঞা মতে যিসকলক মোচি আৰু হাৰোণে গণনা কৰিলে, সাক্ষাৎ কৰা তম্বুৰ কাম কৰা, কহাতীয়া গোষ্ঠীসকলৰ সেই গণিত লোক এইসকল।
যিহোৱাই আজ্ঞা কৰাৰ দৰে মোচি আৰু হাৰোণে যিসকলক গণনা কৰিলে, সাক্ষাৎ কৰা তম্বুৰ কাৰ্য কৰা গেৰ্চোনৰ গোষ্ঠীসকলৰ সেই গণিত লোক এইসকল।
মোচিৰ যোগেদি যিহোৱাই আজ্ঞা কৰাৰ দৰে মোচি আৰু হাৰোণে যিসকলক গণনা কৰিলে, মৰাৰীৰ সন্তান সকলৰ গোষ্ঠীসকলৰ সেই গণিত লোক এইসকল।
কি কি কামত আৰু কি কি ভাৰত কিমান মানুহ লাগিব, তাক যিহোৱাৰ আজ্ঞাৰ দৰে মোচিৰ যোগেদি গণনা কৰা হ’ল। এইদৰে মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰেই তেওঁলোক তেওঁৰ যোগেদি গণিত হ’ল।
আৰু লেবীসকলৰ সন্তান পুৰোহিতসকলো অৱশ্যেই তালৈ যাব; কিয়নো আপোনাৰ ঈশ্বৰ যিহোৱাই নিজৰ পৰিচৰ্যা কৰিবলৈ আৰু যিহোৱাৰ নামেৰে আশীৰ্ব্বাদ কৰিবলৈ এই লোকসকলকেই মনোনীত কৰিলে; আৰু তেওঁলোকে বাক্য অনুসাৰে প্ৰত্যেক বিবাদ আৰু আঘাতৰ বিচাৰ নিস্পত্তি কৰিব।