অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




গননা 27:1 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

পাছত যোচেফৰ পুত্ৰ মনচিৰ গোষ্ঠীৰ মাজৰ মনচিৰ বৃদ্ধ পৰিনাতি, মাখীৰৰ পৰিনাতি, গিলিয়দৰ নাতি হেফৰৰ পুত্র চলফাদৰ জীয়েক যি মহলা, নোৱা, হগ্লা, মিল্কা আৰু তিৰ্চা, তেওঁলোক মোচিৰ ওচৰলৈ আহিল।

অধ্যায়টো চাওক



গননা 27:1
6 পৰস্পৰ সংযোগসমূহ  

মাখীৰে হুপ্পীম আৰু চুপ্পীমৰ বংশৰ পৰা এগৰাকী যুৱতীক ভাৰ্যা ৰূপে গ্রহণ কৰিছিল। তেওঁৰ এগৰাকী ভনীয়েকৰ নাম আছিল মাখা। মনচিৰ আন বংশধৰ আছিল চলফাদ, চলফাদৰ কেৱল জীয়েকহে আছিল।


সেই হেফৰৰ পুত্র চলফাদৰ কোনো পুত্ৰ সন্তান নাছিল, কেৱল জীয়েক আছিল। সেই চলফাদৰ জীয়েকসকলৰ নাম মহলা, নোৱা, হগ্লা, মিল্কা, আৰু তিৰ্চা আছিল।


তেওঁলোকে মোচি, পুৰোহিত ইলিয়াজৰ, অধ্যক্ষসকল আৰু গোটেই মণ্ডলীৰ আগত সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ সন্মুখত থিয় হৈ এই কথা ক’লে বোলে,


এতিয়া খ্রীষ্ট যীচুত যি সকল আছে, তেওঁলোকৰ মাজত ইহুদী কি গ্ৰীক, দাস কি স্বাধীনৰ কোনো পার্থক্য নাই; পুৰুষ বা স্ত্রীৰ মাজত কোনো ভেদাভেদ নাই। কিয়নো খ্ৰীষ্ট যীচুত আপোনালোক সকলোৱেই এক।