ইস্ৰায়েলী লোকসকলে নিবাস কৰা দেশ নোপোৱালৈকে চল্লিশ বছৰ সেই মান্না খাইছিল। তেওঁলোকে কনান দেশৰ সীমা নোপোৱালৈকে সেই মান্নাকে ভোজন কৰিছিল।
গননা 26:10 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 সেই সময়ত পৃথিৱীয়ে মুখ মেলি তেওঁলোকক আৰু কোৰহকো গ্ৰাস কৰিলে, আৰু তেওঁৰ পাছত চলোঁতাসকলোৰে মৃত্যু হ’ল; সেই সময়ত অগ্নিয়ে দুশ পঞ্চাশ জনক পুৰি ভষ্ম কৰিলে, আৰু তেওঁলোকেই দৃষ্টন্তস্বৰূপ হ’ল। |
ইস্ৰায়েলী লোকসকলে নিবাস কৰা দেশ নোপোৱালৈকে চল্লিশ বছৰ সেই মান্না খাইছিল। তেওঁলোকে কনান দেশৰ সীমা নোপোৱালৈকে সেই মান্নাকে ভোজন কৰিছিল।
আৰু বাবিলৰ ৰজাই জুইত পোৰা চিদিকিয়া আৰু আহাবৰ দৰে যিহোৱাই তোমাক কৰক বুলি কৈ, বাবিলত থকা যিহূদাৰ সকলো দেশান্তৰিত লোকে তেওঁলোকক দৃষ্টান্তৰ স্থল কৰি শাও দিব।’
তাৰ বাবে মই সেই মানুহজনৰ বিৰুদ্ধে বিমুখে থাকিম আৰু তেওঁক এটা চিন আৰু দৃষ্টান্তৰ বিষয় কৰিম, কিয়নো তেওঁক মই মোৰ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰিম; তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা!
ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ দুশ পঞ্চাশজন মণ্ডলীৰ অধ্যক্ষ আৰু সমাজ ভূক্ত নাম জ্বলা লোকক লগত লৈ, মোচিৰ বিৰুদ্ধে উঠিল।
নিজৰ প্ৰাণৰ বিৰুদ্ধে পাপ কৰা সেই লোকসকলৰ আঙঠা ধৰাবোৰ পিতাই যজ্ঞবেদী ঢাকিবৰ বাবে লোকসকলে পতা কৰক; কিয়নো তেওঁলোকে সেইবোৰ যিহোৱাৰ আগত উৎসৰ্গ কৰিলে; এইহেতুকে সেইবোৰ পবিত্ৰ; আৰু সেইবোৰ ইস্ৰায়েলৰ সন্তান সকললৈ চিন হ’ব।
আৰু লেবীৰ লাখুটিত হাৰোণৰ নাম লিখা। কিয়নো তেওঁলোকৰ প্ৰত্যেক পিতৃ-বংশৰ মুখ্যলোকৰ বাবে এডালকৈ লাখুটি হ’ব।
“আমাৰ পিতৃৰ মৰুপ্রান্তত মৃত্যু হ’ল; তেওঁ কোৰহৰ দলৰ মাজত, যিহোৱাৰ বিৰুদ্ধে আলচ পতাসকলৰ দলৰ মাজত নাছিল, তেওঁৰ নিজ পাপতেহে মৃত্যু হৈছিল; অৰ্থাৎ তেওঁৰ নিজ পাপৰ কাৰণেই তেওঁৰ মৃত্যু হৈছিল।
ৰূবেণ ফৈদৰ ইলিয়াবৰ পুতেক দাথন আৰু অবীৰামৰ প্রতি তেওঁ যি কৰিছিল অর্থাৎ সমগ্র ইস্ৰায়েলীয়া লোকৰ মাজত পৃথিৱীয়ে মুখ মেলি তেওঁলোকক আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলক, তেওঁলোকৰ তম্বু আৰু সকলোবোৰ প্রাণীক যিদৰে গ্রাস কৰিছিল সেয়াও তেওঁলোকে দেখা নাছিল।
এই শাওবোৰ আপোনালোকৰ আৰু আপোনালোকৰ বংশৰ ওপৰত চিৰকাললৈকে চিন আৰু অদ্ভুত লক্ষণ স্বৰূপে থাকিব।
চদোম আৰু ঘমোৰা নগৰ ভস্ম কৰি ঈশ্বৰে সেই নগৰৰ লোক সকলক বিচাৰ কৰি শাস্তি দিছিল। ইয়াৰ দ্বাৰা ঈশ্বৰে ভাবী কালত ঈশ্বৰৰ ভক্তিহীন লোকৰ শেষ অৱস্থা কি হ’ব তাকেই উদাহৰণ স্বৰূপে স্থাপন কৰিলে।
এইটো ঠিক চদোম আৰু ঘমোৰা নগৰৰ নিচিনা, আৰু ইয়াৰ চাৰিওফালৰ নগৰবোৰ তেওঁলোকৰ দৰে বেশ্যাগমন আৰু পুংমৈথুনৰ অভিলাষত লিপ্ত হ’ল। তেওঁলোকে অনন্ত জুইৰ শাস্তি ভোগ কৰি আমাৰ আগত আর্হি হৈ আছে।
ইয়াৰ চিন স্বৰূপে তোমাৰ দুজন পুত্ৰ হফনী আৰু পীনহচলৈ এইদৰে ঘটিব, সেয়ে সিহঁত দুয়োৰে একে দিনাই মৃত্যু হ’ব।