তেতিয়া অব্ৰাহামে চকু তুলি চাই নিজৰ পাছফালে এটা মতা মেৰ-ছাগক দেখা পালে আৰু তাৰ শিংকেইটা জোপোহাৰ মাজত জপটিয়াই লাগি আছিল। অব্ৰাহামে গৈ সেই মেৰ-ছাগটো আনি নিজৰ পুত্ৰৰ সলনি তাকে হোমবলি উৎসর্গ কৰিলে।
গননা 23:3 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া বিলিয়মে বালাকক ক’লে, “তুমি তোমাৰ হোম বলিৰ ওচৰত থিয় হোৱা, মই যাওঁ। কিজানি যিহোৱাই মোৰে সৈতে সাক্ষাৎ কৰিব। সেয়ে হলে তেওঁ মোক যিহকে দেখুৱাই, তাকেই মই তোমাক ক’ম।” পাছে তেওঁ গছ-গছনি নথকা এনে এখন ওখ ঠাইলৈ গ’ল। |
তেতিয়া অব্ৰাহামে চকু তুলি চাই নিজৰ পাছফালে এটা মতা মেৰ-ছাগক দেখা পালে আৰু তাৰ শিংকেইটা জোপোহাৰ মাজত জপটিয়াই লাগি আছিল। অব্ৰাহামে গৈ সেই মেৰ-ছাগটো আনি নিজৰ পুত্ৰৰ সলনি তাকে হোমবলি উৎসর্গ কৰিলে।
তেতিয়া ঈশ্বৰে ক’লে, “তুমি প্ৰেম কৰা তোমাৰ একমাত্র পুত্র ইচহাকক লৈ মোৰিয়া দেশলৈ যোৱা; তাত যি পাহাৰটোৰ কথা মই তোমাক কম, তাৰ ওপৰতে তুমি ল’ৰাক হোমবলিৰূপে উৎসর্গ কৰাগৈ।”
তাৰ পাছত নোহে যিহোৱাৰ উদ্দেশ্যে এটা যজ্ঞ-বেদি নিৰ্ম্মাণ কৰিলে; তেওঁ কিছুমান শুচি পশু আৰু পক্ষী লৈ সেই বেদীৰ ওপৰত হোম-বলি উৎসৰ্গ কৰিলে।
তাৰ পাছত মোচিৰ শহুৰেক যিথ্ৰোৱে ঈশ্বৰৰ উদ্দ্যেশে হোম-বলি, আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে। হাৰোণ আৰু ইস্ৰায়েলৰ সকলো পৰিচাৰক আহি, ঈশ্বৰৰ সন্মুখত মোচিৰ শহুৰেকৰ সৈতে ভোজন কৰিলে।
তেতিয়া বিলিয়ামে উত্তৰ দি ক’লে, “যিহোৱাই মোৰ মুখত যি কথা দিব, সাৱধান হৈ মই তাকে নক’ম নে?”
পাছত তেওঁ বালাকক ক’লে, “তুমি এই ঠাইতে তোমাৰ হোম-বলিৰ ওচৰত থিয় হৈ থাকা; মই হ’লে, সৌ তাত ঈশ্বৰৰ সাক্ষাৎ কৰোঁগৈ।”
বালাকে বিলিয়মৰ কথাৰ দৰেই কৰিলে। তেতিয়া বালাক আৰু বিলিয়মে প্রত্যেকটা যজ্ঞবেদীত এটা এটা ভতৰা আৰু এটা এটা মতা মেৰ উৎসৰ্গ কৰিলে।
তেতিয়া বিলিয়মে উত্তৰ দি বালাকক ক’লে, “যিহোৱাই মোক যি যি ক’ব, মই তাকেই কৰিম, এইবুলি জানো মই তোমাক কোৱা নাছিলো?”
তেতিয়া ঈশ্বৰে বিলিয়মেৰে সৈতে সাক্ষাৎ কৰিলত, বিলিয়মে তেওঁ ক’লে, “মই সাতোটা যজ্ঞবেদী যুগুত কৰিলোঁ আৰু প্ৰত্যেকটি যজ্ঞবেদীত এটা এটা ভতৰা আৰু এটা এটা মতা মেৰ উৎসৰ্গ কৰিলোঁ।”
যেতিয়া বিলিয়ামে দেখিলে যে ইস্ৰায়েলক আশীৰ্ব্বাদ কৰাত ঈশ্বৰ তুষ্ট হৈছে, ইয়াকে দেখি বিলিয়মে আগৰ দৰে লক্ষণ চাবৰ কাৰণে নগ’ল। বৰং, মৰুভূমিৰ ফাললৈহে মুখ কৰিলে।
তাৰ পাছত আকৌ চয়তানে তেওঁক এক অতি ওখ ঠাইলৈ লৈ গ’ল আৰু জগতৰ সকলো ৰাজ্যৰ সৈতে সেইবোৰৰ ঐশ্বৰ্য দেখুৱালে।
কিন্তু মই বিলিয়মৰ কথাত মন দিবলৈ সন্মত নহলোঁ৷ তাতে তেওঁ তোমালোকক আশীৰ্ব্বাদহে কৰিলে; এইদৰে মই তেওঁৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিলোঁ।