দায়ূদে তেওঁৰ পুত্ৰ চলোমনক সহায় কৰিবলৈ, ইস্রায়েলৰ সকলো প্রধান লোকসকলক আজ্ঞা কৰি ক’লে,
গননা 20:28 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 আৰু মোচিয়ে হাৰোণৰ বস্ত্ৰ সোলোকাই তেওঁৰ পুত্ৰ ইলিয়াজৰক পিন্ধালে। আৰু হাৰোণ সেই পৰ্ব্বতৰ টিঙত থকা ঠাইতে মৰিল। পাছে মোচি আৰু ইলিয়াজৰ পৰ্ব্বতৰ পৰা নামি আহিল। |
দায়ূদে তেওঁৰ পুত্ৰ চলোমনক সহায় কৰিবলৈ, ইস্রায়েলৰ সকলো প্রধান লোকসকলক আজ্ঞা কৰি ক’লে,
ইস্রায়েলী সকলৰ পৰা পোৱা হাৰোণ আৰু তেওঁৰ বংশৰ লোকসকলৰ এয়ে চিৰস্থায়ী বিধি হ’ব। কিয়নো সেয়ে উত্তোলনীয় উপহাৰ। ইস্ৰায়েলী লোকসকলৰ মঙ্গলাৰ্থক বলিৰ পৰা দিবলগীয়া এয়ে যিহোৱাৰ উদ্দেশ্যে তেওঁলোকৰ উত্তোলনীয় উপহাৰ।
হাৰোণে অম্মীনাদবৰ জীয়েক নহচোনৰ ভনীয়েক ইলীচেবাক বিয়া কৰিছিল। তেওঁ নাদব, অবীহূ, ইলিয়াজৰ, আৰু ঈথামৰক, জন্ম দিলে।
পাছত ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীয়ে প্ৰথম মাহত ছিন অৰণ্য পালে। তেওঁলোকে কাদেচত থাকিল, সেই ঠাইতে মিৰিয়মৰ মৃত্যু হ’ল আৰু তাতে তেওঁক মৈদাম দিয়া হ’ল।
আৰু হাৰোণৰ বস্ত্ৰ সোলোকাই তেওঁৰ পুত্ৰ ইলিয়াজৰক পিন্ধোৱা। হাৰোণক নিজ লোকসকলৰ লগত নিয়া হ’ব, আৰু তেওঁ সেই ঠাইতে মৰিব।”
তেতিয়া মোচিয়ে যিহোৱাৰ আজ্ঞা অনুসাৰে কৰিলে। তেওঁলোকে গোটেই সমাজৰ আগতে হোৰ পৰ্ব্বতলৈ উঠি গ’ল।
তাৰ পাছত ইস্ৰায়েলীয়াসকল বোৰোৎবনেই যাকনৰ পৰা মোচেৰালৈ যাত্ৰা কৰিছিল; সেই ঠাইতে হাৰোণৰ মৃত্যু হৈছিল আৰু তেওঁক মৈদাম দিয়া হ’ল; তেওঁৰ পুত্ৰ ইলিয়াজৰে তেওঁৰ সলনি পুৰোহিতৰ কাৰ্য কৰিবলৈ ধৰিলে।
নুনৰ পুত্ৰ যিহোচূৱাৰ ওপৰত মোচিয়ে হাত ৰাখিছিল বাবে তেওঁ জ্ঞানদায়ক আত্মাৰে পৰিপূৰ্ণ আছিল; সেয়ে, ইস্ৰায়েলৰ সন্তান সকলে তেওঁৰ কথা অনুসাৰে চলিব ধৰিলে আৰু যিহোৱাই মোচিৰ যোগেদি যি আজ্ঞা দিছিল, সেই অনুসাৰে কাৰ্য কৰিবলৈ ধৰিলে।
তাৰ পাছত হাৰোণৰ পুত্ৰ ইলিয়াজৰৰো মৃত্যু হ’ল৷ তাত লোকসকলে ইফ্ৰয়িমৰ পৰ্ব্বতীয়া অঞ্চলত তেওঁৰ পুত্ৰ পীনহচক দিয়া গিবিয়াত তেওঁক মৈদাম দিলে।
মই আপ্রাণ চেষ্টা কৰিছোঁ যাতে মোৰ মৃত্যুৰ পাছতো আপোনালোকে এই সকলো বিষয় সকলো সময়তে মনত ৰাখে।