গননা 2:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 ইফ্ৰয়িমৰ সৈন্যৰ সংখ্যা আছিল চল্লিশ হাজাৰ পাঁচ শ। |
সাক্ষাৎ কৰা তম্বুৰ পশ্চিম দিশে, নিজ নিজ সৈন্যদল অনুসাৰে, ইফ্ৰয়িমৰ ফৈদে ছাউনি পাতি থাকিব। অম্মীহূদৰ পুত্ৰ ইলীচামা ইফ্ৰয়িমৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
তেওঁলোকৰ কাষত মনচিৰ ফৈদ থাকিব। পদাচূৰৰ পুত্ৰ গম্লীয়েল মনচিৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
ইফ্ৰয়িমৰ সন্তান সকলৰ এই গোষ্ঠীবোৰৰ বত্ৰিশ হাজাৰ পাঁচ শ লোক আছিল। নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকলেই যোচেফৰ সন্তান।