অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




গননা 19:15 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

আৰু ৰছীৰে বন্ধা ঢাকনি নথকা সকলো মুকলি পাত্ৰ অশুচি হ’ব।

অধ্যায়টো চাওক



গননা 19:15
6 পৰস্পৰ সংযোগসমূহ  

আৰু সেইবোৰৰ মাজৰ কোনো শৱ যি বস্তুৰ ওপৰত পৰিব, সিও অশুচি হ’ব; কাঠৰ পাত্ৰ বা বস্ত্ৰ বা ছাল বা মোনা, যিকোনো কামত লগা বস্তুৱেই হওক, তাক পানীত জুবুৰিয়াব লাগিব আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব আৰু তেতিয়াহে শুচি হ’ব।


আৰু কোনো মাটিৰ পাত্ৰৰ ভিতৰত সেইবোৰৰ শৱ পৰিলে, তাৰ ভিতৰত থকা সকলো বস্তু অশুচি হ’ব আৰু তোমালোকে তাক ভাঙি পেলাবা।


তেতিয়া ঘৰৰ সকলো বস্তু যেন অশুচি নহয় এই কাৰণে, সেই দাগ চাবলৈ পুৰোহিতে ঘৰ সোমোৱাৰ পুৰ্বেই ঘৰ খালী কৰিবলৈ তেওঁলোকক আজ্ঞা কৰিব; তাৰ পাছত পুৰোহিতে ঘৰটো চাবলৈ সোমাব।


যেতিয়া কোনো এজন লোকৰ তম্বুৰ ভিতৰত মৃত্যু হ’ব তেতিয়া এনে নিয়ম হ’ব- সেই তম্বুৰ ভিতৰত সোমোৱা সকলো লোক আৰু তম্বুৰ ভিতৰত থকা সকলো মানুহ সাত দিন অশুচি হৈ থাকিব।


আৰু যি কোনো লোকে মুকলি ঠাইত তৰোৱালত হত হোৱা বা এনেই মৰা লোকৰ শৱ, নাইবা নৰা মানুহৰ হাড়, বা মৈদাম চুব- তেওঁ সাত দিন অশুচি হৈ থাকিব।


আৰু সকলো কাপোৰ, ছালেৰে সজা বা মেৰ-ছাগৰ নোমেৰে যুগুত কৰা বা কাঠেৰে সজা আটাই বস্তুৰ বিষয়ে তোমালোকে নিজৰ কাৰণে শুচি কৰা।”