তেওঁলোকে বংশাৱলীৰ পত্রত তেওঁলোকৰ বংশৰ বৃত্তান্ত বিচাৰিবলৈ চেষ্টা কৰিলে, কিন্তু বিচাৰি নাপালে, সেয়ে তেওঁলোকক কলুষিত বুলি পুৰোহিত বাবৰ পৰা আঁতৰোৱা হ’ল।
গননা 16:40 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 আৰু মোচিৰ দ্বাৰাই যিহোৱাই দিয়া আজ্ঞা অনুসাৰে, ইস্ৰায়েলৰ সন্তান সকলৰ সোঁৱৰণৰ অৰ্থে, অৰ্থাৎ হাৰোণৰ বংশৰ বাহিৰে আন বংশৰ কোনো মানুহ যেন যিহোৱাৰ আগত ধূপ উৎসৰ্গ কৰিবৰ নিমিত্তে ওচৰ নাচাপে আৰু কোৰহৰ ও তাৰ দলৰ দৰে নহয়, এই কাৰণে সেইবোৰ পিতাই যজ্ঞবেদীৰ ঢাকনিৰ অৰ্থে পতা কৰা হ’ল। |
তেওঁলোকে বংশাৱলীৰ পত্রত তেওঁলোকৰ বংশৰ বৃত্তান্ত বিচাৰিবলৈ চেষ্টা কৰিলে, কিন্তু বিচাৰি নাপালে, সেয়ে তেওঁলোকক কলুষিত বুলি পুৰোহিত বাবৰ পৰা আঁতৰোৱা হ’ল।
আৰু উত্তৰ ফালে মুখ কৰা কোঁঠালিটো যজ্ঞ-বেদি ৰক্ষক পুৰোহিতসকলৰ কাৰণে; তেওঁলোক চাদোকৰ সন্তান; লেবীৰ সন্তান সকলৰ মাজৰ পৰা তেওঁলোকেই যিহোৱাৰ পৰিচৰ্যা কৰিবলৈ তেওঁৰ গুৰিলৈ আহে।
মোৰ পৰিচৰ্যা কৰিবলৈ মোৰ ওচৰত থকা চাদোক বংশৰ লেবীয়া পুৰোহিতসকলক তুমি পাপাৰ্থক বলিৰ কাৰণে এটা ডেকা ভতৰা দিবা।” এয়েই প্ৰভু যিহোৱাই দিয়া ঘোষণা
পুৰোহিত বংশৰ নোহোৱা কোনো লোকে পবিত্ৰ বস্তু খাব নোৱৰিব; পুৰোহিতৰ ঘৰত থকা আলহী বা বেচ-খোৱা চাকৰসকলেও পবিত্ৰ বস্তু ভোজন কৰিব নোৱাৰিব।
আৰু যেতিয়া নিয়ম চন্দুকৰ আবাসখন আন ঠাইলৈ নিব লগা হয়, তেতিয়া লেবীয়াসকলেহে তাক খণ্ড-বিখণ্ডকৈ খুলিব। পাছত নিয়ম চন্দুকৰ আবাসখন স্থাপন কৰাৰ সময়ত তেওঁলোকেই তাক সাজিব। আৰু যি লোক সেই আবাসৰ ওচৰলৈ আহিব, তেওঁৰ প্ৰাণদণ্ড হ’ব।
তুমি হাৰোণক আৰু তেওঁৰ পুত্ৰসকলক পুৰোহিত ৰূপে নিযুক্ত কৰিবা, কিন্তু আন বংশৰ যিকোনো লোক ওচৰলৈ আহিলে তেওঁৰ প্ৰাণদণ্ড হ’ব।”
মোচি, হাৰোণ আৰু তেওঁৰ পুত্রসকলে পূৱফালে আবাসৰ আগত, সূৰ্য উদয় হোৱা ফালে, সাক্ষাৎ কৰা তম্বুৰ আগত তম্বু তৰি থাকিব। ইস্ৰায়েলৰ সন্তান সকলৰ পবিত্ৰ স্থানৰ বিষয়ে যি কৰিব লগীয়া, তাৰ কাৰ্য তেওঁলোকৰ জিম্মাত থাকিব। বিদেশী যি কোনো লোক তাৰ ওচৰ চাপিলে তেওঁৰ প্ৰাণদণ্ড হ’ব।
মহা-পুৰোহিত হোৱা সন্মানৰ বিষয় আৰু কোনেও এই সন্মান নিজে লব নোৱাৰে। কিন্তু ঈশ্বৰে যি জনক আমন্ত্রণ কৰে তেৱেঁই সেই সন্মান পায়, যি দৰে হাৰোণক এই কার্যত আমন্ত্রণ কৰা হৈছিল।
তেতিয়া তোমালোকে তেওঁলোকক ক’বা যে, ‘যিহোৱাৰ নিয়ম-চন্দুকৰ আগত যৰ্দ্দনৰ পানী ছিগিছিল আৰু নিয়ম-চন্দুক পাৰ হোৱা কালত যৰ্দ্দনৰ পানী ছিগিছিল। সেয়ে ইস্ৰায়েলৰ সন্তান সকলৰ বাবে এই শিলবোৰ সৰ্ব্বদায় সোঁৱৰণৰ চিন হৈ থাকিব’।”
তেওঁলোক সন্তাপৰ পাত্ৰ; কিয়নো তেওঁলোকে কয়িনৰ পথত গমন কৰিলে আৰু বেছৰ অৰ্থে বিলিয়মৰ ভ্ৰান্তিৰূপ পথত লৰ ধৰিলে আৰু কোৰহৰ প্ৰতিবাদত তেওঁলোক বিনষ্ট হ’ল।