অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




গননা 16:27 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া তেওঁলোকে কোৰহ, দাথন আৰু অবীৰামৰ বসতিৰ ঠাইৰ চাৰিওফালৰ পৰা আঁতৰি গ’ল, কিন্তু দাথন আৰু অবীৰাম ওলাই নিজ নিজ ল’ৰা-তিৰোতাই সৈতে নিজ নিজ দুৱাৰমুখত থিয় হ’ল।

অধ্যায়টো চাওক



গননা 16:27
9 পৰস্পৰ সংযোগসমূহ  

ঈশ্বৰৰ অন্তৰত জ্ঞান আছে, আৰু শক্তিত তেওঁ পৰাক্ৰমী; তেওঁৰ বিৰুদ্ধে ডিঙি ঠৰ কৰি কোনে কেতিয়া উন্নতি লাভ কৰিলে?


মোচি যেতিয়া সেই তম্বুৰ ভিতৰলৈ যায়, তেতিয়া সকলো লোকে উঠি প্ৰতিজনে নিজৰ তম্বুৰ প্রবেশ দুৱাৰত থিয় হয়। মোচিয়ে যেতিয়ালৈকে সেই তম্বুত নোসোমায়, তেতিয়ালৈকে লোকসকলে মোচিক চাই থাকে।


বিনাশৰ আগত অহংকাৰ আহে, আৰু পতনৰ পূৰ্বতে মনৰ গৰ্ব্ব হয়।


পতনৰ পূৰ্বে মানুহৰ হৃদয় অহংকাৰী হয়, কিন্তু নম্ৰতা সন্মানৰ আগে আহে।


যিৰূচালেমৰ লোকসকলক শাসন কৰা জন হে নিন্দক লোকসকল, যিহোৱাৰ বাক্য শুনা।


পাছত লেবীৰ পৰিনাতি, কহাতৰ নাতিয়েক, যিচহৰৰ পুতেক কোৰহ আৰু ৰূবেণৰ সন্তান সকলৰ মাজৰ, ইলিয়াবৰ পুতেক দাথন আৰু অবীৰাম আৰু পেলতৰ পুতেক ওনে, এওঁলোকে কিছুমান লোকক গোটাই ল’লে।


কিন্তু কোৰহৰ সন্তান সকলৰ হ’লে মৃত্যু হোৱা নাছিল।