পাছত যিহোৱাই ৰজাক আঘাত কৰাত তেওঁ মৃত্যু পর্যন্ত কুষ্ঠ ৰোগত ভুগিছিল আৰু তেওঁ এক পৃথক গৃহত বাস কৰিছিল। তাতে ৰজাৰ পুত্ৰ যোথম ৰাজগৃহৰ অধ্যক্ষ হৈছিল আৰু তেওঁ দেশৰ লোকসকলক শাসন কৰিবলৈ ধৰিলে।
গননা 12:14 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 পাছত যিহোৱাই মোচিক ক’লে, “তেওঁৰ বাপেকে তেওঁৰ মুখত যদি কেৱল থুই পেলালেহেঁতেন, তেনেহলে তেওঁৰ জানো সাত দিনলৈকে লাজ কৰি নাথাকিলহেঁতেন? এই হেতুকে তেওঁ সাত দিন ছাউনিৰ বাহিৰে বন্ধ হৈ থাওঁক, পাছত তেওঁক পুনৰায় ভিতৰলৈ আনিবা।” |
পাছত যিহোৱাই ৰজাক আঘাত কৰাত তেওঁ মৃত্যু পর্যন্ত কুষ্ঠ ৰোগত ভুগিছিল আৰু তেওঁ এক পৃথক গৃহত বাস কৰিছিল। তাতে ৰজাৰ পুত্ৰ যোথম ৰাজগৃহৰ অধ্যক্ষ হৈছিল আৰু তেওঁ দেশৰ লোকসকলক শাসন কৰিবলৈ ধৰিলে।
প্ৰহাৰ কৰা সকললৈ মই মোৰ পিঠি দিলোঁ,আৰু মোৰ ডাঢ়ি উঘালোঁতাবিলাকলৈ মোৰ গাল পাতি দিলোঁ, অপমান আৰু ঘৃনাৰ পৰা মই মোৰ মুখ লুকুৱা নাই।
আৰু যদি তেওঁৰ সেই জিলিকা দাগ ঘাৰ ছালত বগা হয়, কিন্তু ছালতকৈ দ যেন বোধ নহয়, আৰু তেওঁৰ ঘাৰ নোম বগা হৈ যোৱা নাই, তেতিয়া সেই ঘা হোৱা লোক জনক পুৰোহিতে সাতদিন আতৰ কৰি ৰাখিব।
আৰু সেই শুচি হ’বলগীয়া লোক জনে নিজ বস্ত্ৰ ধুই, চুলি দাড়ি আদি গাৰ আটাই নোম খুৰাই পানীত গা ধুব আৰু তাৰ পাছত তেওঁ শুচি হ’ব। এই বোৰ কৰাৰ পাছত তেওঁ ছাউনিত সোমাব, কিন্তু তেওঁ সাত দিন নিজ তম্বুৰ বাহিৰত থাকিব লাগিব।
তেতিয়া তেওঁৰ ককায়েক বা ভায়েকৰ ভাৰ্য্যাই বৃদ্ধ লোকসকলৰ সাক্ষাতে দেওৰেক বা বৰজনাৰ গুৰিলৈ গৈ তেওঁৰ ভৰিৰ পৰা জোতা খুলি ল’ব আৰু তেওঁৰ মুখত থু পেলাই ক’ব, “নিজ ককাই বা ভাইৰ বংশ যি জনে ৰক্ষা কৰিবলৈ নিবিচাৰে, তেওঁৰ প্রতি এনে ব্যৱহাৰকে কৰা হয়।”
ইয়াৰ বাহিৰেও আমাৰ মাংসিক পিতৃ সকল শাসনকৰ্তা আছিল, আৰু আমি তেওঁলোকক সমাদৰ কৰিছিলোঁ; পাছত তাতকৈ, যি জন আত্মা সমূহৰ পিতৃ, তেওঁৰ বশীভূত হৈ জীৱন-ধাৰণ নকৰিম নে?