গননা 11:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 পাছত মই সেই ঠাইলৈ নামি আহি তোমাৰে সৈতে কথা হ’ম আৰু তোমাত যি আত্মা আছে, তাৰ কিছু লৈ তেওঁলোকত ৰাখিম; তাতে, তুমি যেন অকলেই লোকসকলৰ ভাৰ নোবোৱা, এইবাবে তেওঁলোকে তোমাৰ লগত লোকসকলৰ ভাৰ ব’ব। |
তেতিয়া অব্ৰামে উবুৰি খাই মাটিত মুখ থৈ প্রণিপাত কৰিলে আৰু ঈশ্বৰে তেওঁৰে সৈতে কথা ক’বলৈ ধৰিলে।
অব্ৰাহামৰ সৈতে কথোপকথন শেষ হোৱাৰ পাছত যিহোৱা নিজ বাটেদি সেই ঠাইৰ পৰা গুচি গ’ল আৰু অব্ৰাহামো নিজৰ ঘৰলৈ উভটি গ’ল।
যিৰীহোৰ শিষ্য ভাববাদীসকলৰ দলটোৱে যেতিয়া ইলীচাক দেখা পালে, তেতিয়া তেওঁলোকে ক’লে, “এলিয়াৰ আত্মা ইলীচাৰ ওপৰত স্থিতি লৈছে!” সেইবাবে, তেওঁলোকে ইলীচাক সাক্ষাৎ কৰিবলৈ আহিল আৰু তেওঁৰ সন্মুখত মাটিত উবুৰি হৈ পৰি প্ৰণিপাত কৰিলে।
পাৰ হৈ যোৱাৰ পাছত এলিয়াই ইলীচাক ক’লে, “মোক কোৱা, তোমাৰ ওচৰৰ পৰা মোক তুলি নিয়াৰ আগেয়ে মই তোমাৰ কাৰণে কি কৰিম?” ইলীচাই উত্তৰত ক’লে, “মিনতি কৰোঁ, আপোনাৰ আত্মাৰ ক্ষমতাৰ দুগুণ আত্মা যেন মই পাওঁ।”
আপুনি তেওঁলোকক শিক্ষা দিবৰ কাৰণে আপোনাৰ মঙ্গলময় আত্মা তেওঁলোকক দান কৰিলে, আৰু তেওঁলোকৰ মুখৰ পৰা আপোনাৰ মান্না প্রত্যাহাৰ নকৰিলে, আৰু তেওঁলোকৰ পিয়াহ গুচাবলৈ তেওঁলোকক পানী দিলে।
এই দায়িত্ব তোমাৰ বাবে ভাৰস্বৰূপ হৈছে, সেয়ে তুমি অকলে বহন কৰিব নোৱাৰিবা। এইদৰে কৰিলে তুমি আৰু তোমাৰ ওচৰলৈ অহা লোকসকল নিশ্চয় ভাগৰি পৰিব।
তেওঁলোকে লোকসকলৰ সকলো সাধাৰণ বিষয়বোৰৰ সোধ-বিচাৰ কৰিব; কিন্তু কঠিন বিষয়বোৰ বিচাৰৰ বাবে তোমাৰ ওচৰলৈ আনিব। সকলো সাধাৰণ বিষয়ৰ বিচাৰ তেওঁলোকে নিজেই কৰিব। এইদৰে কৰিলে তোমাৰ কাৰণে সহজ হ’ব; আৰু তেওঁলোকে তোমাৰ সৈতে ভাৰ বহন কৰিব।
তৃতীয় দিনৰ বাবে প্রস্তুত হোৱা, তৃতীয় দিনৰ দিনা মই যিহোৱা, চীনয় পৰ্ব্বতলৈ নামি আহিম।
এইদৰে যিহোৱা চীনয় পৰ্ব্বতৰ ওপৰলৈ নামি আহিল; আৰু মোচিক ওপৰলৈ মাতিলে। সেয়ে মোচি উঠি গ’ল।
যিহোৱা মেঘৰ মাজত নামি আহিল; আৰু মোচিৰ সৈতে সেই ঠাইত থিয় হ’ল। তেওঁ “যিহোৱা” নাম উচ্চাৰণ কৰিলে।
কাৰণ মই তৃষ্ণাতুৰ ভূমিৰ ওপৰত পানী বৰষাম, আৰু খৰাং ঠাইৰ ওপৰত নদী বোৱাম; মই তোমাৰ বংশৰ ওপৰত নিজ আত্মা, তোমাৰ সন্তানৰ ওপৰত নিজৰ আশীৰ্ব্বাদ বাকি দিম।
তেওঁৰ লোকসকলে পূৰ্বকালৰ মোচিৰ বিষয়ে শিকিছিল। তেওঁলোকে কৈছিল যে, “যি জনাই নিজৰ মেৰ-ছাগ ৰখীয়াবোৰৰ সৈতে তেওঁলোকক সমুদ্ৰৰ পৰা উলিয়াই আনিছিল, সেই ঈশ্বৰ ক’ত? তেওঁলোকৰ মাজত পবিত্ৰ আত্মা স্থাপন কৰা ঈশ্বৰ ক’ত?
তাৰ পাছতে মই গোটেই মনুষ্যজাতিৰ ওপৰত মোৰ আত্মা বাকি দিম, তাতে তোমালোকৰ পো-জীসকলে ভাববাণী প্ৰচাৰ কৰিব। তোমালোকৰ বৃদ্ধসকলে সপোন দেখিব, আৰু তোমালোকৰ যুৱক-যুবতীসকলে দৰ্শন পাব।
তাতে যিহোৱাই মেঘত নামি তেওঁক কথা ক’লে আৰু যি আত্মা মোচিত আছিল, তাৰ কিছু লৈ, সেই সত্তৰজন বৃদ্ধ লোকত ৰাখিলে। তাতে সেই আত্মা তেওঁলোকত থকাত, তেওঁলোকে ভাববাণী প্ৰচাৰ কৰিলে; কিন্তু তাৰ পাছত আৰু নকৰিলে।
তেতিয়া যিহোৱাই মেঘ-স্তম্ভত নামি আহি, তম্বুৰ দুৱাৰ মুখত স্থিতি হৈ, হাৰোণ আৰু মিৰিয়মক মাতিলে। তেতিয়া তেওঁলোক দুয়ো আগ বাঢ়ি গ’ল।
তেওঁৰে সৈতে মই নিগূঢ় বাক্যৰ দ্বাৰাই কথা নহওঁ, কিন্তু মুখা-মুখি হৈ, স্পষ্টকৈ কথা হওঁ। আৰু তেওঁ মোৰ আকাৰ দেখে। এই হেতুকে মোৰ দাস মোচিৰ অহিতে কথা ক’বলৈ তোমালোকে কিয় ভয় নকৰিলা?”
তেতিয়া যিহোৱাই মোচিক ক’লে, “মোৰ আত্মাই বাস কৰা নুনৰ পুত্ৰ যিহোচূৱাক লৈ তেওঁৰ মূৰত হাত দিয়া,
পাছত যেতিয়া মোচিয়ে যিহোৱাৰ সৈতে কথা-বতৰা কৰিবলৈ সাক্ষাৎ কৰা তম্বুৰ ভিতৰলৈ সোমাল, তেতিয়া তেওঁ ঈশ্বৰৰ বাক্যৰ শব্দ সেই সাক্ষ্য-ফলিৰ চন্দুকৰ ওপৰত থকা পাপাবৰণৰ পৰা, কৰূব দুটাৰ মাজৰ পৰা তেওঁক কোৱা শুনিলে। এইদৰে তেওঁ মোচিক কথা ক’লে।
যীচুক বিশ্বাস কৰা সকলে যে আত্মা পাব, সেই বিষয়ে তেওঁ এই কথা ক’লে। কিয়নো তেতিয়ালৈকে আত্মা দিয়া হোৱা নাছিল, কাৰণ তেতিয়ালৈকে যীচু মহিমান্বিত হোৱা নাছিল।
যিয়েই নহওক, আপোনালোক মাংসৰ বশত নহয় কিন্তু আত্মাৰ বশতহে আছে, আৰু সেয়াই যদি সত্য হয়, তেনেহলে ঈশ্বৰৰ আত্মা আপোনালোকৰ অন্তৰত বাস কৰে। কিন্তু যি জনত খ্ৰীষ্টৰ আত্মা নাই, তেওঁ খ্ৰীষ্টৰ নহয়।
আমি জগতৰ আত্মা পোৱা নাই, কিন্তু ঈশ্বৰৰ পৰা তেওঁৰ আত্মাহে পালোঁ যাতে ঈশ্বৰে অনুগ্ৰহেৰে আমাক যি সকলো দান কৰিলে সেইবোৰ বুজি পাওঁ।
এতেকে যি জনে এই শিক্ষা অগ্ৰাহ্য কৰে, তেওঁ মানুহক নহয়, কিন্তু যিজনে তেওঁৰ পবিত্ৰ আত্মা আপোনালোকক দান কৰিলে, সেই ঈশ্বৰকেই অগ্ৰাহ্য কৰে।
আপোনালোকে সত্যৰ আজ্ঞাধীনতাৰ দ্ৱাৰা অকপট ভাতৃপ্ৰেমৰ অৰ্থে নিজৰ আত্মা শুচি কৰিবলৈ, পৰস্পৰক হৃদয়েৰে আন্তৰিক প্ৰেম কৰক।
তেতিয়া যিহোৱাৰ আত্মাই তোমাত স্থিতি ল’ব; তেতিয়া তুমিও তেওঁলোকৰ লগত ভাববাণী প্ৰচাৰ কৰিবা আৰু তুমি সম্পূৰ্ণ পৰিৱৰ্তন হোৱা ব্যক্তি হ’বা।