এওঁলোকেই ইস্ৰায়েল জাতিৰ নেতাসকল: ৰূবেণীয়া জাতিৰ বাবে জিখ্ৰীৰ পুত্ৰ ইলীয়েজৰ নেতা আছিল। চিমিয়োনীয়া জাতিৰ বাবে মাখাৰ পুত্ৰ চফটিয়া নেতা আছিল।
গননা 1:5 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 যি সকল লোকে তোমালোকক সহায় কৰিবলৈ আহিব, সেই সহায় কৰোঁতা লোকসকলৰ নামবোৰ হ’ল: ৰূবেণ ফৈদৰ পৰা চদেয়ূৰৰ পুত্ৰ ইলীচূৰ। |
এওঁলোকেই ইস্ৰায়েল জাতিৰ নেতাসকল: ৰূবেণীয়া জাতিৰ বাবে জিখ্ৰীৰ পুত্ৰ ইলীয়েজৰ নেতা আছিল। চিমিয়োনীয়া জাতিৰ বাবে মাখাৰ পুত্ৰ চফটিয়া নেতা আছিল।
প্ৰথমে যিহূদাৰ সন্তান সকলৰ ছাউনিৰ পতাকাৰ অধীনে থকা লোকসকলে নিজ নিজ সৈন্য দল অনুসাৰে প্ৰস্থান কৰিলে। আৰু অম্মীনাদবৰ পুত্ৰ নহচোন তেওঁলোকৰ সেনাপতি আছিল।
তাৰ পাছত ৰূবেণৰ ছাউনিৰ পতাকাৰ অধীনে থকা লোকসকলে নিজ নিজ সৈন্যদল অনুসাৰে প্ৰস্থান কৰিলে। আৰু চদেয়ূৰৰ পুত্ৰ ইলীচূৰ তেওঁলোকৰ সেনাপতি আছিল।
দক্ষিণ দিশে থকা সৈন্যদলবোৰে ৰূবেণৰ ছাউনিৰ পতাকাৰ চাৰিওফালে থাকিব। চদেয়ূৰৰ পুত্ৰ ইলীচূৰ ৰূবেণৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
যিহূদাৰ ছাউনিৰ অধীনত থকা লোকসকলে নিজ নিজ সৈন্যদল অনুসাৰে, পূৱদিশে থকা সাক্ষাৎ কৰা তম্বুৰ ফালে অৰ্থাৎ সূৰ্য উদয় হোৱা দিশে তম্বু তৰি যিহূদাৰ পতাকাৰ চাৰিওফালে থাকিব লাগিব। অম্মীনাদবৰ পুত্ৰ নহচোন যিহূদাৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
সেই দিনা ইস্ৰায়েলৰ অধ্যক্ষসকল, তেওঁলোকৰ পিতৃ-বংশৰ মুখিয়ালসকলে নিজ নিজ উপহাৰ দান কৰিলে। তেওঁলোক ফৈদবোৰৰ অধ্যক্ষ আছিল। তেওঁলোক যুদ্ধৰ বাবে গণিত লোকসকলৰ ওপৰত নিযুক্ত হৈছিল।