অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




গননা 1:47 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

কিন্তু লেবী গোষ্ঠীৰ পৰা হোৱা লেবীয়াসকলক গণনা কৰা নহ’ল।

অধ্যায়টো চাওক



গননা 1:47
12 পৰস্পৰ সংযোগসমূহ  

কিন্তু তেওঁলোকৰ মাজত লেবী আৰু বিন্যামীনক গণনা কৰা নহ’ল, কাৰণ ৰজাৰ সেই আজ্ঞাত যোৱাবৰ ঘৃণা উপজিল।


বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া যিমান পুৰুষ ইস্ৰায়েলৰ মাজত যুদ্ধলৈ যাব পৰা অৱস্থাত আছে, তেওঁলোকৰ সৈন্যদল অনুসাৰে তুমি আৰু হাৰোণে তেওঁলোকক গণনা কৰা।


কিয়নো যিহোৱাই মোচিক কৈছিল,


কিন্তু বিধানৰ নিয়ম চন্দুক থকা আবাস, তাৰ সকলো বস্তু আৰু তাৰ সম্পৰ্কীয় সকলোৰে ওপৰত লেবীয়াসকলক যত্ন লবলৈ নিযুক্ত কৰিবা। তেওঁলোকে নিয়ম চন্দুকৰ আবাস আৰু তাৰ আটাই বস্তুৰ ভাৰ বৈ নিব লাগিব। তেওঁলোকে তাৰ পৰিচৰ্যা কৰি আবাসৰ চাৰিওফালে তম্বু তৰি থাকিব লাগিব।


কিন্তু যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰে, লেবীয়াসকলক ইস্ৰায়েলৰ সন্তান সকলৰ মাজত গণনা কৰা নহ’ল।


যি কালত যিহোৱাই চীনয় পৰ্বতত মোচিক কথা কৈছিল, সেই সময়ৰ হাৰোণ আৰু মোচিৰ বংশৰ জীৱনি এয়ে।


চীনয় মৰুপ্রান্তত যিহোৱাই মোচিক কৈছিল। তেওঁ কৈছিল,


“তুমি নিজ নিজ পিতৃ-বংশ আৰু গোষ্ঠী অনুসাৰে লেবীৰ সন্তান সকলক গণনা কৰা। এমহীয়া আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষক গণনা কৰিবা।”


কি কি কামত আৰু কি কি ভাৰত কিমান মানুহ লাগিব, তাক যিহোৱাৰ আজ্ঞাৰ দৰে মোচিৰ যোগেদি গণনা কৰা হ’ল। এইদৰে মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰেই তেওঁলোক তেওঁৰ যোগেদি গণিত হ’ল।