তাতে পিতৰৰ লগত অহা চুন্নৎ হোৱা বিশ্বাসী সকলে অনা-ইহুদী সকলৰ ওপৰতো পবিত্ৰ আত্মা বাকি দিয়া দেখি বিস্ময় মানিলে৷
কলচীয়া 4:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 আৰু যীচু, যাক যুষ্ট বোলে, এওঁলোকে আপোনালোকক মঙ্গলবাদ কৰিছে; এওঁলোক চুন্নৎ হোৱা লোক আৰু কেৱল এওঁলোকেই ঈশ্বৰৰ ৰাজ্যৰ কাৰণে মোৰ সহকাৰী; এওঁলোক মোৰ শান্তিজনক হ’ল। |
তাতে পিতৰৰ লগত অহা চুন্নৎ হোৱা বিশ্বাসী সকলে অনা-ইহুদী সকলৰ ওপৰতো পবিত্ৰ আত্মা বাকি দিয়া দেখি বিস্ময় মানিলে৷
পাছত যেতিয়া পিতৰ যিৰূচালেমলৈ আহিল, তেতিয়া তেওঁক লৈ চুন্নৎ হোৱা মানুহবোৰে দ্বিধাবোধ হোৱাত নিন্দা কৰিলে;
আৰু যাতে তেওঁ কেৱল চুন্নৎ হোৱা সকলৰ পিতৃ নহয় কিন্তু আমাৰ পিতৃ অব্ৰাহামৰ অচুন্নৎ অৱস্থাত যি বিশ্ৱাস আছিল, সেই লোক সকলেও যদি অব্ৰাহামৰ বিশ্বাসৰ পথত চলে তেনেহলে তেওঁলোকো অব্ৰাহামৰ সন্তান৷
আৰু সেয়ে, আমি খ্ৰীষ্টৰ সহকাৰী হৈ, এই মিনতিও কৰিছোঁ যে, আপোনালোকে ঈশ্বৰৰ অনুগ্ৰহ ব্যৰ্থৰূপে গ্ৰহণ কৰা নহ’ব৷
মনত ৰাখিব যে, মাংসত আপোনালোক অনা-ইহুদী লোক আছিল; মাংসত হাতেৰে যি সকলৰ চুন্নৎ কৰা হৈছে অর্থাৎ যি সকলে নিজকে চুন্নৎ কৰা লোক বুলি কয়, তেওঁলোকে আপোনালোকক অচুন্নৎ লোক বুলি কয়।
প্ৰকৃততে, মই আপোনালোককো নিবেদন কৰোঁ, হে মোৰ সৎ বন্ধু সকল, আপোনালোকে সেই ভনী দুজনীক সহায় কৰক; কিয়নো তেখেত সকলে ক্লীমেন্ত আৰু মোৰ সহকাৰী সকলৰ সৈতে শুভবাৰ্তাৰ বাবে মোৰ সহিত প্ৰাণপণ কৰিছিল; আৰু এই লোক সকলৰ নাম জীৱন পুস্তকত লিখা আছে৷
তুখিকে আপোনালোকক মোৰ বিষয়ে সকলো কথা জনাব৷ তেওঁ প্ৰভুৰ এজন প্ৰিয় ভাই, বিশ্বাসী পৰিচাৰক আৰু এজন সহদাস৷
সেয়েহে, আপোনালোকক বিশ্বাসত দৃঢ় কৰিবলৈ আৰু আশ্বাস দিবলৈ আমি খ্ৰীষ্টৰ শুভবার্তাত ঈশ্বৰৰ পৰিচাৰক আমাৰ যি ভাই তীমথিয়, তেওঁক আপোনালোকৰ ওচৰলৈ পঠাইছিলোঁ,
কিয়নো বিশেষকৈ চুন্নৎ হোৱা লোক সকলৰ মাজত অনর্থক বাক্য কওঁতা, শৃংখলাহীন, ভাণ্ডনা কৰোঁতা আৰু অনেক অবাধ্য লোক আছে৷
আমাৰ প্ৰিয় ভাই আৰু সহকৰ্মী ফিলীমনৰ প্রতি, খ্ৰীষ্ট যীচুৰ বন্দীয়াৰ পৌল আৰু আমাৰ ভাই তীমথিয়;