কিন্তু হে যিহোৱা, তুমি মোৰ প্রতি কৃপা কৰা; মোক তোলা যাতে মই তেওঁলোকক প্ৰতিফল দিব পাৰোঁ।
ওবদি 1:7 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তোমাৰ সৈতে সমন্ধ স্থাপন কৰা লোকসকলে তোমাক নিজৰ বাটে সীমালৈকে পঠিয়াব। তোমাৰ সৈতে মিলেৰে থকা লোকসকলে তোমাক প্ৰবঞ্চনা কৰিলে, আৰু তোমাৰ বিৰুদ্ধে অধিক প্রভাৱশীল হ’ল। তোমাৰ আহাৰ খোৱা লোকসকলে তোমাৰ বাবে ফান্দ পাতে। ইদোমৰ একো বিবেচনা শক্তি নাই। |
কিন্তু হে যিহোৱা, তুমি মোৰ প্রতি কৃপা কৰা; মোক তোলা যাতে মই তেওঁলোকক প্ৰতিফল দিব পাৰোঁ।
মোৰ যি অন্তৰঙ্গ মিত্র, যিজনক মই বিশ্বাস কৰিছিলোঁ আৰু যি জনে মোৰ লগত আহাৰ কৰিছিল, মোৰ সেই বন্ধুৱেও মোৰ বিৰুদ্ধে ভৰি দাঙিলে।
তাৰ ডাল যেতিয়া শুকাই যায়, তেতিয়া সেইবোৰ ভাঙি যাব; আৰু মহিলাসকলে আহি সেইবোৰ লৈ জুই ধৰিব; কিয়নো এই লোকসকল বিবেচনা শক্তি থকা লোক নহয়; এই হেতুকে তাৰ সৃষ্টিৰ্কতাই তাক দয়া নকৰিব, আৰু তেওঁৰ নিৰ্ম্মাণকৰ্ত্তাই তাক কৃপা নকৰিব।
কিয়নো অনেকে দুৰ্ণাম কৰা মই শুনিলোঁ; চাৰিওফালে ত্ৰাস: ‘তোমালোকে তাৰ বিৰুদ্ধে কথা কোৱা, আৰু আমিও তাৰ বিৰুদ্ধে কথা কম,’ মই উজুটি খাবলৈ বাট চাই থকা মোৰ সকলো বন্ধু কয়, “কিজানি তাক ভুলুৱা যাব, তাতে আমি তাক বলে পাৰিম, আমি তাৰ ওপৰত প্ৰতিকাৰ সাধিম।’
তোমাৰ প্ৰেমকাৰিণী সকলোৱে তোমাক পাহৰিলে, তেওঁলোকে তোমাক নিবিচাৰে, কিয়নো তোমাৰ অপৰাধৰ বহুল্যৰ কাৰণে, তোমাৰ পাপৰ বৃদ্ধিৰ কাৰণে শত্ৰূৱে আঘাত কৰাৰ দৰে মই তোমাক আঘাত কৰিলোঁ, নিষ্ঠুৰ লোকে শাস্তি দিয়াৰ দৰে শাস্তি দিলোঁ।
চোৱা, যিহূদাৰ ৰাজগৃহত অৱশিষ্ট থকা সকলো মহিলাক বাবিলৰ ৰজাৰ প্ৰধান লোকসকলৰ গুৰিলৈ নিয়া হ’ব; আৰু চোৱা!, সেই মহিলাসকলে ক’ব, ‘তোমাৰ প্ৰণয়ৰ বন্ধুসকলে তোমাক ভুলাই তোমাৰ প্ৰবৃত্তি জন্মালে। এতিয়া তোমাৰ ভৰি বোকাত পোত যোৱা দেখি তোমাৰ পৰা বিমুখ হৈছে।
এতেকে তোমালোক নিশ্চয়ে ধ্বংশ হ’বা, হে বিনষ্টা, তেতিয়া তোমালোকে কি কৰিবা? যদিও তুমি কাপোৰ পিন্ধা, সোণৰ অলঙ্কাৰেৰে নিজকে ভুষিত কৰা আৰু কাজলেৰে চকু দুটা ডাঙৰ কৰা, তথাপিও তুমি নিজকে সুন্দৰী কৰা বৃথা; উপপতিবোৰে তোমাক ঘৃণাব, তেওঁলোকে তোমাৰ প্ৰাণ নষ্ট কৰিবলৈ বিচাৰিব।
ইদোমৰ বিষয়। বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, তৈমনত জানো আৰু জ্ঞান নাই? বুদ্ধিয়কবিলাকৰ পৰা জানো পৰামৰ্শ লোপ পালে? তেওঁবিলাকৰ জ্ঞান জানো নাইকিয়া হ’ল?
মই মোৰ প্ৰেমকাৰীসকলক মাতিলোঁ, কিন্তু তেওঁলোক মোৰ প্রতি বিশ্বাসঘাতক হ’ল। যেতিয়া নিজ প্ৰাণ ৰক্ষা কৰিবৰ বাবে তেওঁলোকে আহাৰ বিচাৰিছিল; তেতিয়া মোৰ পুৰোহিত আৰু পৰিচাৰক সমূহে নগৰত প্ৰাণ ত্যাগ কৰিলে।
নাৰীৰ প্ৰসৱবেদনাৰ দৰে তেওঁৰ ওপৰলৈ কষ্ট আহিব। কিন্তু তেওঁতো এজন অজ্ঞান পুত্ৰ; জন্মৰ সঠিক সময়ত তেওঁ গর্ভৰ প্ৰসৱ-দুৱাৰৰ মুখলৈ নাহা।
ইফ্ৰয়িম যেন এটা অজলা কপৌ হ’ল, একেবাৰে বুদ্ধিহীন; তেওঁলোকে এবাৰ মিচৰক মাতে, পুনৰ অচুৰীয়াৰ ওচৰলৈ যায়।
তোমালোকৰ সকলোৰে বাবে এই বিষয়ে কথা কৈছোঁ এনে নহয়; কিন্তু যি সকলক মই জানো তেওঁলোককহে মনোনীত কৰিলোঁ, তেওঁলোকক জানো; কিন্তু ধৰ্মশাস্ত্ৰৰ বচন সিদ্ধ হ’বলৈ; ‘যি জনে মোৰ পিঠা খায়, সেই জনে মোৰ বিৰুদ্ধে গেৰুৱা দাঙিলে।’