পৈত্ৰিক ধন-সম্পত্তি পোৱাৰ দৰে প্রজ্ঞা বহুমূল্য উত্তম বস্তু। পৃথিৱীত ভালদৰে জীৱিত থকা লোকসকল।
উপ 7:10 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 বৰ্ত্তমান কালতকৈ আগৰ কাল কিয় ভাল আছিল? এনে কথা নুসুধিবা; কিয়নো এই প্ৰশ্ন কৰা প্রজ্ঞাৰ কাম নহয়। |
পৈত্ৰিক ধন-সম্পত্তি পোৱাৰ দৰে প্রজ্ঞা বহুমূল্য উত্তম বস্তু। পৃথিৱীত ভালদৰে জীৱিত থকা লোকসকল।
যিহোৱাই এই কথা কৈছে, “মই যি পত্ৰৰ দ্বাৰাই তোমালোকৰ মাতৃক ত্যাগ কৰিলোঁ, তোমালোকৰ মাতৃৰ সেই ত্যাগপত্ৰ ক’ত? আৰু মোৰ মহাজনসকলৰ কোনজনলৈ তোমালোকক বেচিলোঁ? চোৱা, তোমালোকৰ অপৰাধৰ বাবেহে তোমালোকক বেচা হ’ল, আৰু তোমালোকৰ বিদ্রোহৰ কাৰণেহে তোমালোকৰ মাতৃক পঠিয়াই দিয়া হ’ল।
গিদিয়োনে তেওঁক ক’লে, “কিন্তু হে মোৰ প্ৰভু, যিহোৱা যদি আমাৰ লগত আছে, তেনেহ’লে কিয় আমালৈ এইবোৰ ঘটিল? ‘যিহোৱায়ে জানো আমাক মিচৰৰ পৰা অনা নাছিল?’ এই কথা আমাৰ ওপৰ-পিতৃসকলে কৈছিল। তেওঁ কৰা যিবোৰ আচৰিত কার্যৰ বিষয়ে আমাক কৈছিল, সেইবোৰ এতিয়া ক’ত? কিন্তু এতিয়া তেওঁ আমাক ত্যাগ কৰিলে আৰু মিদিয়নীয়াসকলৰ হাতত সমৰ্পণ কৰিলে।”