উপ 6:4 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 সেই মৃত সন্তানে বৃথাই আহি আন্ধাৰতেই বিদায় লয় আৰু সেই কেঁচুৱাৰ নাম নাইকিয়া হৈ যায়। |
কোনো লোকৰ এশজন সন্তান থাকিব পাৰে আৰু তেওঁ অনেক দিন ধৰি জীয়াও থাকিব পাৰে, কিন্তু তেওঁৰ হৃদয়ে যদি জীৱনত সন্তোষ নাপায় আৰু সন্মানেৰে সৈতে যদি তেওঁৰ মৈদাম নহয়, তেন্তে সেই লোক যিমান বছৰেই জীয়াই নাথাকক কিয়, মই কওঁ তেওঁতকৈ বৰং মৃত কেঁচুৱাৰ জন্ম হোৱাই অনেক ভাল।
যদিও এই কেঁচুৱাটিয়ে কেতিয়াও সূৰ্য দেখা নাপায় অথবা একোকে নাজানে, তথাপিও সেই ধনী মানুহতকৈ সি অধিক বিশ্রাম পায়।