অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




উপ 5:18 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তাৰ পাছত মই উত্তম আৰু উপযুক্তভাৱে থাকিবৰ বাবে ইয়াকে বুজিব পাতিলোঁ: ঈশ্বৰে যি কেইটা দিন মানুহক জীয়াই থাকিবলৈ দিছে, সেই সকলো দিনত খোৱা-বোৱা কৰি থাকিবলৈ আৰু সূর্যৰ তলত কৰা সকলো পৰিশ্রমেৰে সৈতে সন্তুষ্ট উপভোগ কৰিবলৈ দিছে; কিয়নো এয়ে আমাৰ কার্য।

অধ্যায়টো চাওক



উপ 5:18
16 পৰস্পৰ সংযোগসমূহ  

যিহোৱাই দিনত তেওঁৰ গভীৰ প্রেমক মোৰ ওপৰত আদেশ কৰে আৰু ৰাতি তেওঁৰ গীত মোৰ সঙ্গী হয়; মোৰ জীৱনদাতা ঈশ্বৰলৈ মোৰ প্ৰাৰ্থনা।


হে যুবক, তুমি তোমাৰ যৌৱনকালত আনন্দ কৰা; যুবা বয়সৰ দিনবোৰত তোমাৰ হৃদয়ে তোমাক আনন্দিত কৰক; তুমি তোমাৰ হৃদয়ৰ সৎ ইচ্ছাবোৰৰ পথত চলিবা আৰু নিজ চকুৰ দৃষ্টিত যি ভাল তাকে কৰিবা। কিন্তু জানিবা যে, ঈশ্বৰে এই সকলো বিষয়ৰ কাৰণে তোমাক বিচাৰৰ ঠাইলৈ আনিব।


মোৰ চকুত যি ভাল লাগে, মই সেইবোৰৰ পৰা আতৰাই নাৰাখিলোঁ; মই মোৰ মনক কোনো আমোদ-প্রমোদৰ পৰা আটক নকৰিলোঁ, কিয়নো মোৰ সকলো কার্যত মোৰ মনে আনন্দ কৰে; আৰু আনন্দই মোৰ সকলো পৰিশ্ৰমৰ পুৰস্কাৰ আছিল।


তেন্তে মানুহৰ পক্ষে ভোজন-পান কৰা আৰু নিজ পৰিশ্ৰমত সন্তুষ্ট হৈ থকাৰ বাহিৰে উত্তম একোকে নাই। মই দেখিলোঁ যে এই সকলো ঈশ্বৰৰ হাতৰ পৰাহে আহে।


আকাশৰ তলত, মানুহৰ কিছুদিনৰ জীৱনকালত তেওঁলোকৰ কাৰণে কি ভাল, তাক মই দেখা নোপোৱালৈকে কেনেকৈ দ্রাক্ষাৰসেৰে মোৰ শৰীৰক আনন্দিত কৰিম; কেনেকৈ মোৰ মনক অবিৰামে পৰিচালিত কৰা প্রজ্ঞাৰে সৈতে অজ্ঞানতাক ধৰি ৰাখি উল্লাসিত হ’ম, মই মনতে অন্বেষণ কৰি চালোঁ।


মই আকৌ উপলব্ধি কৰিলোঁ যে, নিজৰ কাৰ্যত সন্তুষ্ট হোৱাৰ বাহিৰে মানুহৰ বাবে আন একোৱেই ভাল নাই; কিয়নো এয়ে মানুহৰ কার্য। কাৰণ মানুহৰ মৃত্যুৰ পাছত কি ঘটিব, তাক দেখুৱাবলৈ কোনে তেওঁক ঘূৰাই আনিব?।


ঈশ্বৰে কোনো কোনোক ইমান ধন-সম্পত্তি আৰু সন্মান দান কৰে যে, তেওঁৰ অভিলাষৰ একো বস্তুৰে অভাৱ নাথাকে; তথাপিও ঈশ্বৰে তেওঁক ভোগ কৰিবৰ ক্ষমতা নিদিয়ে; আন লোকে তেওঁৰ বস্তুবোৰ ভোগ কৰে। ইও অসাৰ আৰু ভীষণ দুঃখজনক।


সেয়ে মই জীৱনত আমোদ-প্রমোদৰে প্ৰশংসা কৰিছোঁ; কিয়নো সূর্যৰ তলত ভোজন-পান আৰু আনন্দ কৰাৰ বাহিৰে মানুহৰ বাবে আন একোৱেই ভাল নাই। তেন্তে সূর্যৰ তলত ঈশ্বৰে দিয়া মানুহৰ জীৱনৰ সকলো দিনবোৰত আনন্দই হ’ব তেওঁৰ পৰিশ্রমত সংগী।


সেয়ে তুমি গৈ আনন্দেৰে নিজৰ আহাৰ ভোজন কৰা আৰু হৰ্ষিত হৃদয়েৰে নিজৰ দ্ৰাক্ষাৰস পান কৰাগৈ; কিয়নো তোমাৰ সকলো কৰ্ম ঈশ্বৰে পূর্বৰে পৰা গ্ৰহণ কৰিলে।


আৰু তেওঁৰ খুৰাকৰ বিষয়ে হ’লে, তেওঁ জীয়াই থাকে মানে নমৰালৈকে বাবিলৰ ৰজাৰ আজ্ঞাৰে এক এক দিনৰ উপযুক্ত খাদ্য দ্ৰব্য প্ৰতি দিনে তেওঁক দিয়া হৈছিল।


আপোনালোকে এনেকুৱা লোকৰ কাৰ্যত, সাহায্য আৰু পৰিশ্ৰম কৰা সকলৰ বশীভূত হওক।


কিন্তু আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আপোনালোকে, আপোনালোকৰ ল’ৰা-ছোৱালী, দাস-দাসী, আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত বাস কৰা লেবীয়া লোকসকলে সেইবোৰ ভোজন কৰিব আৰু আপোনালোকে হাত দিয়া সকলো কাৰ্যত তেওঁ দিয়া আশীর্বাদক লৈ আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আনন্দ উল্লাস কৰিব।


সেই ঠাইতেই আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আপোনালোকে আৰু আপোনালোকৰ পৰিয়ালৰ সকলোৱে আহাৰ গ্রহণ কৰিব আৰু আপোনালোকে হাত দিয়া সকলো কাৰ্যত তেওঁ দিয়া আশীৰ্ব্বাদক লৈ আপোনালোকে আনন্দ উল্লাস কৰিব।


আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক আৰু আপোনালোকৰ পৰিয়ালক যি সকলো মঙ্গল কৰিছে, তাৰ বাবে আপোনালোকৰ মাজত থকা লেবীয়া আৰু বিদেশী লোকেৰে সৈতে আনন্দ কৰিব।


যি সকল এই জগতত ধনৱন্ত, তেওঁলোকক এই আজ্ঞা দিয়া যে, তেওঁলোক উচ্চমনা নহওক আৰু তেওঁলোকে অনিশ্চিত ধন-সম্পদত ভাৰসা নকৰক৷ যি ঈশ্বৰে, আমি ভোগ কৰিবলৈ সকলোকে বাহুল্যৰূপে আমাক দিছে, সেই ঈশ্বৰত ভাৰসা কৰক৷