যাকোবৰ বংশৰ বৃত্তান্ত এইধৰণৰ। যোচেফ যেতিয়া সোঁতৰ বছৰ বয়সৰ এজন যুবক, তেতিয়া তেওঁ ককায়েকসকলৰ সৈতে পশুৰ জাকবোৰ চৰাইছিল। তেওঁ মাহী মাক বিলহা আৰু জিল্পাৰ পুতেকসকলৰ লগত আছিল আৰু বাপেকৰ আগত তেওঁলোকৰ বেয়া কার্যবোৰৰ বিষয়ে সংবাদ দিছিল।
উপ 4:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 এজন অজ্ঞান বৃদ্ধ ৰজা, যিজনে কোনো সতর্কবাণীলৈ কাণ নিদিয়ে আৰু নুবুজেও, তেনে ৰজাতকৈ বৰং দৰিদ্র অথচ জ্ঞানী যুবকেই শ্রেয়। |
যাকোবৰ বংশৰ বৃত্তান্ত এইধৰণৰ। যোচেফ যেতিয়া সোঁতৰ বছৰ বয়সৰ এজন যুবক, তেতিয়া তেওঁ ককায়েকসকলৰ সৈতে পশুৰ জাকবোৰ চৰাইছিল। তেওঁ মাহী মাক বিলহা আৰু জিল্পাৰ পুতেকসকলৰ লগত আছিল আৰু বাপেকৰ আগত তেওঁলোকৰ বেয়া কার্যবোৰৰ বিষয়ে সংবাদ দিছিল।
এনেতে ইস্ৰায়েলৰ ৰজাই যিহোচাফটক ক’লে, “এনে এজন আৰু ভাববাদী আছে যাৰ দ্বাৰাই আমি যিহোৱাৰ সহায়ৰ বাবে পৰামৰ্শ লব পাৰোঁ; তেওঁ যিম্লাৰ পুত্র মীখায়া, কিন্তু মই তেওঁক ঘিণ কৰোঁ, কিয়নো তেওঁ মোৰ বিষয়ে মঙ্গলৰ ভাববাণী প্ৰচাৰ নকৰে, কেৱল অমঙ্গলহে প্ৰচাৰ কৰে।” তেতিয়া যিহোচাফটে ক’লে, “মহাৰাজে যেন সেই ধৰণে কথা নকওঁক।”
ভাববাদীজনে ৰজাক সেই কথা কৈ থকাত, ৰজাই তেওঁক ক’লে, “আমি জানো তোমাক ৰাজ মন্ত্ৰী পাতিলোঁ? মনে মনে থাকা; তোমাৰ কিয় মৰিবলৈ মন?” তেতিয়া সেই ভাববাদীয়ে ক্ষান্ত হৈ ক’লে, “মই জানো যে ঈশ্বৰে তোমাক বিনষ্ট কৰিবলৈ থিৰ কৰিছে, সেই বাবে তুমি এই কাম কৰিলা আৰু মোৰ পৰামৰ্শ নুশুনিলা৷”
যিজন অকলশৰীয়া তেওঁ সহজে পৰাজয় হ’ব পাৰে, কিন্তু দুজনে আক্রমণক প্ৰতিৰোধ কৰিব পাৰে। তিনিডাল ৰছী একেলগে মেৰাই ল’লে বেগাই নিছিগে।
দহজন শাসনকর্তাই এখন নগৰক যিমান শক্তিশালী কৰে, প্রজ্ঞাই এজন জ্ঞানৱানক তাতোকৈ অধিক পৰিমাণে শক্তিশালী কৰে।