তাতে সেই তিনিজন বীৰ পুৰুষে পলেষ্টীয়াসকলৰ সৈন্যবোৰক ভেদ কৰি গৈ, বৈৎলেহেমৰ দুৱাৰৰ ওচৰত থকা সেই নাদৰ পানী তুলি আনিলে৷ তেওঁলোকে সেই পানী দায়ূদৰ ওচৰলৈ লৈ আহিল, কিন্তু তেওঁ তাক পান কৰিবলৈ ইচ্ছা নকৰিলে৷ বৰং তাক যিহোৱাৰ উদ্দেশে ঢালি দিলে।
উপ 4:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 যিজন অকলশৰীয়া তেওঁ সহজে পৰাজয় হ’ব পাৰে, কিন্তু দুজনে আক্রমণক প্ৰতিৰোধ কৰিব পাৰে। তিনিডাল ৰছী একেলগে মেৰাই ল’লে বেগাই নিছিগে। |
তাতে সেই তিনিজন বীৰ পুৰুষে পলেষ্টীয়াসকলৰ সৈন্যবোৰক ভেদ কৰি গৈ, বৈৎলেহেমৰ দুৱাৰৰ ওচৰত থকা সেই নাদৰ পানী তুলি আনিলে৷ তেওঁলোকে সেই পানী দায়ূদৰ ওচৰলৈ লৈ আহিল, কিন্তু তেওঁ তাক পান কৰিবলৈ ইচ্ছা নকৰিলে৷ বৰং তাক যিহোৱাৰ উদ্দেশে ঢালি দিলে।
তেওঁ ত্ৰিশ জনকৈ অধিক মৰ্য্যদা পোৱা হ’ল যদিও তেওঁ প্ৰথম তিনি জনৰ সমান হোৱা নাছিল। তথাপিও দায়ূদে তেওঁক নিজৰ গা-ৰক্ষীয়া সৈন্যদলৰ ওপৰত অধ্যক্ষ পাতিলে।
তেওঁৰ পাছত অহোহীয়া দোদয়ৰ পুত্ৰ ইলিয়াজ; দায়ূদৰ তিনিজন ক্ষমতাশালী পুৰুষসকলৰ মাজৰ এজন৷ যিজন যুদ্ধলৈ গোট খোৱা পলেষ্টীয়াসকলক ইতিকিং কৰিছিল আৰু যি সময়ত ইস্ৰায়েল লোকসকল যুদ্ধলৈ উঠি গৈছিল, সেই সময়ত দায়ূদৰ লগত আছিল৷
এজন অজ্ঞান বৃদ্ধ ৰজা, যিজনে কোনো সতর্কবাণীলৈ কাণ নিদিয়ে আৰু নুবুজেও, তেনে ৰজাতকৈ বৰং দৰিদ্র অথচ জ্ঞানী যুবকেই শ্রেয়।