উপ 12:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 হে মোৰ বোপা, তুমি সতৰ্ক হোৱা; অনেক পুথি লিখাৰ শেষ নাই। অধিক অধ্যয়নে শৰীৰক ক্লান্ত কৰে। |
কিয়নো প্ৰজ্ঞাৰ বাহুল্যতাত অধিক নৈৰাশ্যতা বাঢ়ে আৰু যিজনে জ্ঞান বৃদ্ধি কৰে, তেওঁ দুখো বৃদ্ধি কৰে।
কিন্তু যীচু যে ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট, ইয়াক যেন তোমালোকে বিশ্বাস কৰা, বিশ্বাস কৰি তেওঁৰ নামত যেন জীৱন পোৱা, এই কাৰণে এইবোৰ কথা লিখা হ’ল।
ইয়াৰ বাহিৰেও যীচুৱে বহু কৰ্ম কৰিলে৷ সেই সকলোকে এটা এটাকৈ লিখিবলৈ গ’লে, যিমানবোৰ পুস্তক হ’ব, বোধ কৰোঁ, সিমানবোৰ পৃথিৱীতো নধৰিব।
আপোনালোকে সকলো ধৰ্মশাস্ত্ৰ অতি মনোযোগ সহকাৰে পঢ়ে, কাৰণ আপোনালোকে ভাৱে সেইবোৰৰ মাজেদিয়ে আপোনালোকে অনন্ত জীৱন পাব। সেই শাস্ত্ৰবোৰে মোৰ বিষয়েই সাক্ষ্য দিছে;