উপ 10:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কিন্তু দেশৰ ৰজা যেতিয়া ভদ্ৰ বংশজাতৰ পুত্র হয়, সেই দেশত আনন্দ হয়; মন্ত্ৰীসকলে মতলীয়া হবলৈ নহয়, কিন্তু শক্তি বৃদ্ধিৰ কাৰণে উচিত সময়ত ভোজন পান কৰে। |
তেওঁলোকৰ অধিপতি তেওঁলোকৰ ভিতৰতে হ’ব, আৰু তেওঁলোকৰ শাসনকৰ্ত্তা তেওঁলোকৰ মাজৰ পৰা ওলাব; আৰু মই তেওঁক মোৰ ওচৰ চপাম, তেতিয়া তেওঁ মোৰ ওচৰ চাপিব; কিয়নো যিহোৱাই কৈছে, মোৰ ওচৰলৈ আহিবলৈ কাৰ সাহস আছে?”
আপোনালোকে সেই ধনেৰে নিজৰ ইচ্ছামতে বস্তু কিনিব, যেনে গৰু, মেৰ-ছাগ, ছাগলী নাইবা দ্ৰাক্ষাৰস বা সুৰা বা আপোনালোকৰ মনৰ ইচ্ছাৰ যি কোনো বস্তু। সেইবোৰ কিনি আপোনালোকে আপোনালোকৰ সপৰিয়ালক লৈ সেই ঠাইতে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত আহাৰ গ্রহণ কৰি আনন্দ কৰিব।