তেতিয়া তেওঁ ক’লে, “মই তোমাৰ আগত এটি সৰু বিষয় নিবেদন কৰোঁ; সেই বিষয়ে তুমি মোক অস্ৱীকাৰ নকৰিবা।” তেতিয়া ৰজাই ক’লে, “হে মোৰ মাতৃ, খোজক; কিয়নো মই আপোনাক অস্ৱীকাৰ নকৰোঁ।”
ইষ্ট 5:3 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তাৰ পাছত ৰজাই তেওঁক ক’লে, “ৰাণী ইষ্টেৰ, তোমাক কি লাগে? তোমাৰ কি প্রাৰ্থনা আছে কোৱা? যদি তোমাক মোৰ ৰাজ্যৰ আধা অংশও লাগে, তথাপিও তোমাক দিয়া হ’ব।” |
তেতিয়া তেওঁ ক’লে, “মই তোমাৰ আগত এটি সৰু বিষয় নিবেদন কৰোঁ; সেই বিষয়ে তুমি মোক অস্ৱীকাৰ নকৰিবা।” তেতিয়া ৰজাই ক’লে, “হে মোৰ মাতৃ, খোজক; কিয়নো মই আপোনাক অস্ৱীকাৰ নকৰোঁ।”
গিবিয়োনতে যিহোৱাই ৰাতি সপোনত চলোমনক দৰ্শন দিলে; তেওঁ ক’লে, “খোজা! মই তোমাক কি বৰ দিম।”
তেতিয়া ৰজাই মোক ক’লে, “মই কি কৰাটো তুমি বিচাৰিছা?” সেয়ে মই স্বৰ্গৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলোঁ।
তেতিয়া ইষ্টেৰে উত্তৰ দিলে, “যদি ৰজাই ভাল দেখে, তেনেহলে আপোনাৰ বাবে মই যুগুত কৰা ভোজলৈ আপুনি আৰু হামন আজি আহিব।”
ভোজত যেতিয়া দ্রাক্ষাৰস বাকি দিয়া হ’ল, তেতিয়া ৰজাই ইষ্টেৰক সুধিলে, “তোমাৰ আবেদন কি? তোমাৰ বাবে সেই আবেদন গ্ৰহণ কৰা হ’ব; আৰু তোমাৰ প্রাৰ্থনা কি? ৰাজ্যৰ আধা অংশও যদি তোমাক লাগে, তেনেহ’লে তাক সিদ্ধ কৰা হ’ব।
দ্বিতীয় দিনা তেওঁলোকে যেতিয়া দ্ৰাক্ষাৰস বাকি দি আছিল, তেতিয়া ৰজাই ইষ্টেৰক পুনৰ সুধিলে, “ৰাণী ইষ্টেৰ, তোমাৰ নিবেদন কি? তাক তোমালৈ কৰা হ’ব। তোমাৰ অনুৰোধ কি? যদি ৰাজ্যৰ আধা অংশও তোমাক লাগে তাক দিয়া হ’ব।”
ৰজাই ৰাণী ইষ্টেৰক ক’লে, “যিহুদী লোকসকলে চুচন নগৰত হামনৰ দহ জন পুত্রৰ সৈতে পাঁচশ লোকক বধ কৰিলে। তেনেহলে ৰজাৰ প্ৰদেশৰ আন ঠাইবোৰত তেওঁলোক কিমান কৰিলে? এতিয়া তোমাৰ কি নিবেদন আছে? তোমাৰ বাবে গ্ৰহণ কৰা হ’ব। তোমাৰ কি প্রাৰ্থনা আছে? তোমাৰ বাবে তাকো গ্রহণ কৰা হ’ব।”
আৰু শপত খাই তাইক ক’লে, “মোক যিহকে খোজা, মই তাকেই দিম, আনকি মোৰ ৰাজ্যৰ আধা অংশও মই দিম৷”
পাছত তেওঁ ওচৰলৈ অহাত, যীচুৱে তেওঁক সুধিলে, “মই কি কৰাটো তোমাৰ ইচ্ছা?” তেতিয়া তেওঁ ক’লে, “হে প্ৰভু, মই যেন দেখিবলৈ পাওঁ।”
হাজাৰৰ সেনাপতিয়ে তাক হাতত ধৰি লৈ, এফলীয়া হৈ গুপুতে সুধিলে, “মোক ক’বলৈ তোমাৰ কি কথা আছে?”