পাছত যাকোবে শুনিলে, লাবনৰ পুতেকহঁতে এই কথা কৈ ফুৰিছে যে “যাকোবে আমাৰ পিতৃৰ সকলোবোৰ লৈছে আৰু আমাৰ পিতৃৰ সম্পদৰ পৰাহে সি ইমান ঐশ্বৰ্য্যশালী হৈছে।”
ইষ্ট 5:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 হামনে তেওঁলোকৰ আগত নিজৰ ঐশ্চৰ্যৰ প্ৰতাপ আৰু তেওঁৰ পুত্রৰ সংখ্যা অধিক এই কথা তেওঁলোকক ক’লে; আৰু ৰজাই কি দৰে তেওঁৰ সকলো কৰ্মচাৰী আৰু দাসতকৈ তেওঁক ওখ পদ দিলে; এই সকলো কথা তেওঁলোকৰ আগত বৰ্ণনা কৰি ক’লে। |
পাছত যাকোবে শুনিলে, লাবনৰ পুতেকহঁতে এই কথা কৈ ফুৰিছে যে “যাকোবে আমাৰ পিতৃৰ সকলোবোৰ লৈছে আৰু আমাৰ পিতৃৰ সম্পদৰ পৰাহে সি ইমান ঐশ্বৰ্য্যশালী হৈছে।”
তেওঁ অনেক দিন, অৰ্থাৎ এশ আশী দিনলৈকে নিজৰ প্ৰতাপান্বিত ৰাজ্যৰ ঐশ্চৰ্য্য, আৰু উৎকৃষ্ট মাহাত্ম্যৰ গৌৰৱ দেখুৱালে।
এই ঘটনাৰ পাছত, ৰজা অহচবেৰোচে অগাগীয়া হম্মদাথাৰ পুত্ৰ হামনক উন্নত কৰি উচ্চ পদত প্রতিষ্ঠিত কৰিলে, আৰু তেওঁৰ লগত থকা সকলো কৰ্মচাৰীৰ ওপৰত তেওঁক ক্ষমতা দিলে।
তাৰ পাছত মৰ্দখয়ে নীলা আৰু বগা ৰাজবস্ত্ৰ পিন্ধি সোণৰ ডাঙৰ কিৰীটি মুৰত লৈ, মিহি শণ সুতাৰে আৰু বেঙেনা বৰণীয়া সুতাৰে বনোৱা এটা চোলা পিন্ধি ৰজাৰ সন্মুখৰ পৰা আঁতৰি গ’ল। চুচন নগৰত লোক সকলে জয়-ধ্বনি কৰি আনন্দ কৰিলে।
সেই সকল হৈছে দুষ্ট লোক, যিসকলে ধন-সম্পত্তিত ভাৰসা কৰে আৰু প্রচুৰ ধনৰ বাবে অহংকাৰ কৰে।
কোনেও কাকো কোনো প্রকাৰে নিজক মৃত্যুৰ পৰা মুক্ত কৰিব নোৱাৰে। নাইবা কোনেও মুক্তিৰ কাৰণে ঈশ্বৰক অধিক একো দিব নোৱাৰে, যাতে মানুহ চিৰকাল জীয়াই থাকিব পাৰে।
হে ঈশ্বৰ, তুমি যি সকলো কার্য কৰিছা, তাৰ বাবে মই চিৰকাললৈকে তোমাৰ ধন্যবাদ কৰিম; তোমাৰ ভক্তসকলৰ সন্মুখত মই তোমাৰ নাম অপেক্ষা কৰিম; কাৰণ এইয়ে ভাল।
ৰজাই কৈছিল, “মই মোৰ ঐশ্বৰ্যৰ গৌৰৱৰ বাবে মোৰ ৰাজকীয় গৃহ নিৰ্মাণ কৰিছিলোঁ, এয়াই সেই বিশাল বাবিল নহয় নে?”
তেওঁৰ সেই কথাত শিষ্য সকলে বিস্ময় মানিলে। কিন্তু যীচুৱে পুনৰ তেওঁলোকক ক’লে, “হে সন্তান সকল, যি সকলে ধনত ভাৰসা কৰে, তেওঁলোক ঈশ্বৰৰ ৰাজ্যত সোমোৱা কেনে দুঃসাধ্য!
যি সকল এই জগতত ধনৱন্ত, তেওঁলোকক এই আজ্ঞা দিয়া যে, তেওঁলোক উচ্চমনা নহওক আৰু তেওঁলোকে অনিশ্চিত ধন-সম্পদত ভাৰসা নকৰক৷ যি ঈশ্বৰে, আমি ভোগ কৰিবলৈ সকলোকে বাহুল্যৰূপে আমাক দিছে, সেই ঈশ্বৰত ভাৰসা কৰক৷