অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




ইষ্ট 3:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

ৰজাই হামনক ক’লে, “আপোনাক আৰু আপোনাৰ লোকসকলক যাতে ধন ঘূৰাই দিয়া হয়, সেই বিষয়ে মই লক্ষ্য কৰিম। আপুনি যি ইচ্ছা কৰে, এই ধনেৰে কৰিব পাৰিব।”

অধ্যায়টো চাওক



ইষ্ট 3:11
6 পৰস্পৰ সংযোগসমূহ  

তেতিয়া ৰজাই নিজৰ হাতৰ পৰা মোহৰ মৰা আঙুঠি সোলাকাই যিহুদী সকলৰ শত্ৰু অগাগীয়া হম্মদাথাৰ পুত্ৰ হামনক দিলে।


তাৰ পাছত প্ৰথম মাহৰ তেৰ দিনৰ দিনা ৰজাৰ লিখক সকলক মাতি পঠিওৱা হ’ল। সেই দিনা হামনে দিয়া আজ্ঞা অনুসাৰে যি সকল লোক সকলো প্রদেশৰ ওপৰত আৰু বিভিন্ন লোকৰ দেশাধ্যক্ষ, আৰু সকলো লোকৰ কৰ্মচাৰী সকলক, প্ৰত্যেক প্ৰদেশৰ নিজৰ আখৰ, আৰু প্ৰত্যেক লোকৰ নিজৰ ভাষা অনুসাৰে পত্ৰ লিখিবলৈ আৰু ৰজাৰ আঙুঠিৰে মোহৰ মাৰিবলৈ দিয়া হ’ল।


তেওঁলোকৰ মনৰ অন্ধকাৰ পাপ হৈ বাহিৰ হয়; তেওঁলোকৰ মন্দ চিন্তা শেষ পর্যন্ত তেওঁলোকৰ অন্তৰৰ ভিতৰত থাকে।


কিন্তু চোৱা! মই হ’লে তোমালোকৰ হাততে আছোঁ। তোমালোকৰ দৃষ্টিত যি ভাল আৰু ন্যায়, তাকে মোলৈ কৰা।


এতিয়া চোৱা! আজি মই তোমাক, তোমাৰ হাতত থকা শিকলিৰ পৰা মুক্ত কৰিলোঁ; তুমি যদি মোৰ লগত বাবিললৈ যাবলৈ ভাল দেখা, তেন্তে আহাঁ, মই তোমালৈ দৃষ্টি ৰাখিম; আৰু যদি মোৰ লগত বাবিললৈ যাবলৈ বেয়া দেখা, তেন্তে নালাগে। চোৱা, গোটেই দেশ তোমাৰ আগত আছে, যি ঠাইলৈ যোৱা তোমাৰ পক্ষে ভাল আৰু সুবিধাজনক, তালৈকে যোৱা।”


পাছত ৰাজদ্ৰোহ আৰু নৰ-বধ কৰাৰ কাৰণে বন্দীশালত থোৱা যি জনক তেওঁলোকে খুজিছিল, সেই জনক তেওঁ মুকলি কৰি দিলে৷ কিন্তু যীচুক তেওঁলোকৰ ইচ্ছাত শোধাই দিলে।