ইয়ো 9:27 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 যদিও মই কওঁ যে, মোৰ দুখৰ কথা পাহৰি যাম, আৰু ম্লানমুখ দূৰ কৰি প্ৰসন্ন হম, |
এই হেতুকে মই মুখ জপাই নাথাকিম; মই মনৰ সন্তাপত কথা কম আৰু হৃদয়ৰ বেজাৰত দুখৰ কথা কৈ থাকিম;
মই যেতিয়া কওঁ, যে, ‘মোৰ বিচনাই মোক শান্তনা কৰিব, মোৰ শয্যাই মোক দুখ-সহন কৰিবলৈ সহায় কৰিব’,
অহ, মই দুখ-নিবাৰক শান্তনা পোৱা হ’লে, কেনে ভাল আছিল! মোৰ হৃদয় মোৰ অন্তৰত অতি দুৰ্ব্বল হৈছে।