মই ঈশ্বৰক কম, ‘তুমি মোক দোষী নকৰিবা; মোৰ লগত তোমাৰ কি গোচৰ আছে, সেয়া মোক বুজায় দিয়া।
ইয়ো 6:24 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 মোক শিক্ষা দিয়া, তাতে মই নিমাতে থাকিম; আৰু মোৰ ভুল কি, সেই বিষয়ে মোক বুজায় দিয়া। |
মই ঈশ্বৰক কম, ‘তুমি মোক দোষী নকৰিবা; মোৰ লগত তোমাৰ কি গোচৰ আছে, সেয়া মোক বুজায় দিয়া।
চোৱা, যেতিয়ালৈকে তোমালোকে কথা বিচাৰিছিলা, তেতিয়ালৈকে মই তোমালোকৰ বাক্যলৈ বাট চাইছিলোঁ, তোমালোকৰ হেতুবাদলৈ কাণ পাতিছিলোঁ।
যি নেদেখোঁ, তাক মোক দেখুৱাই দিয়া; যদি মই অন্যায় কৰিলোঁ, তেন্তে মই আৰু নকৰোঁ, “এই বুলি ঈশ্বৰৰ আগত কোৱা উচিত নে?
চোৱা, এয়া আমাৰ কথা, আমি বিবেচনা কৰি ইয়াকে নিশ্চয় পালোঁ; ইয়াকে তুমি শুনা, আৰু তুমি নিজৰ ভালৰ অৰ্থে তাক গ্ৰহণ কৰা।”
মই তোমাক বুদ্ধি দিম; তুমি যাবলগীয়া পথ মই তোমাক শিকাম; তোমাৰ ওপৰত মই দৃষ্টি ৰাখি পৰামৰ্শ দিম।
জ্ঞানী লোকক শিক্ষা দিয়া, তেওঁ অধিক জ্ঞানী হ’ব; ধাৰ্মিক লোকক শিক্ষা দিয়া, তেওঁ শিক্ষাত বৃদ্ধি পাব।
হে মোৰ প্ৰিয় ভাইসকল, অাপোনালোকে এই কথা জানিব যে, প্ৰত্যেক ব্যক্তি শুনিবলৈ প্ৰস্তুত থাকিব, ক’বলৈ ধীৰ আৰু ক্ৰোধলৈয়ো ধীৰ হওক,
কিয়নো আমি সকলোৱে অনেক বিষয়ত ত্ৰুটি কৰোঁ। কোনো লোক এজনে যদি বাক্যত ত্ৰুটি নকৰে, তেওঁহে সিদ্ধ লোক, আনকি নিজ শৰীৰকো সম্পূর্ণৰূপে দমন কৰিবলৈ সেই জন সমৰ্থ।