ইয়ো 42:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁৰ সাতোটা পুতেক, আৰু তিনি জনী জীয়েকো হ’ল। |
তেওঁৰ বৰ জনীৰ নাম যিমীমা, দ্বিতীয় জনীৰ নাম কচীয়া, আৰু তৃতীয় জনীৰ নাম কেৰণ-হপ্পূক ৰাখিলে।
কিন্তু তেওঁ দৰিদ্ৰক দুখৰ পৰা তুলি আনি উচ্চ পদত স্থাপন কৰে, আৰু মেৰ-ছাগৰ জাকৰ নিচিনাকৈ তেওঁৰ পৰিয়ালৰ যত্ন লয়।
তোমালোকৰ সন্তাপৰ সময়ত জন্ম হোৱা সন্তান সকলে তোমালোকে শুনাকৈ ক’ব, ‘এই ঠাই আমাৰ কাৰণে অতি ঠেক, আমাৰ বাবে ঠাই যুগুত কৰা; আমি যেন ইয়াত বাস কৰিব পাৰোঁ।’