ইয়ো 41:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 আগেয়ে কোনে মোক কিবা দিছিল, যাৰবাবে মই যে কিবা ওভতাই দিম? আকাশ-মণ্ডলৰ তলত থকা সকলো মোৰেই। |
ঈশ্বৰে দিয়া প্ৰতিফল তোমাৰ ইচ্ছাৰ দৰে হয়নে যে, তুমি তাক অগ্ৰাহ্য কৰিলা? কিয়নো মনোনীত কৰা কাৰ্য তোমাৰ হে, মোৰ নহয়; এই হেতুকে তুমি যি জানা, তাক কোৱা।
মই লিবিথিয়ানৰ ভৰিৰ বিষয়ে নকোৱাকৈ মনে মনে নাথাকোঁ, নাইবা তাৰ মহাবল আৰু গাৰ সুন্দৰ গঠনৰ বিষয়ে মই নোকোৱাকৈ নাথাকোঁ।
তেওঁ পৰ্ব্বতবোৰ স্থানান্তৰ কৰে; আৰু তেওঁ সেইবোৰক নিজ ক্ৰোধত লুটিয়াই পেলাওঁতে সেইবোৰে একো গম নাপায়।
এতিয়া যদি তোমালোকে বাধ্যতাৰে মোৰ কথা শুনা, আৰু মোৰ নিয়মটি পালন কৰা, তেতিয়াহে তোমালোক সকলো লোকৰ মাজৰ পৰা লোৱা মোৰ বিশেষ অধিকাৰ প্রাপ্ত লোক হ’বা; কাৰণ সমূদায় পৃথিৱী মোৰেই।
কিন্তু কোনোৱে যদি আপোনালোকক, “এয়ে বলি দিয়া আহাৰ হয় বুলি কয়”, তেনেহলে সেই কথা জনোৱা জনৰ কাৰণে আৰু দোষাদোষ জ্ঞানৰ কাৰণে, সেই দ্ৰব্য ভোজন নকৰিব।
শুনক, আকাশ আৰু তাৰ ওপৰৰ সকলোবোৰেই, পৃথিৱী আৰু তাত থকা সকলোবোৰেই আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ।