ইয়ো 4:10 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 সিংহৰ গৰ্জ্জন আৰু মৃগৰাজৰ গোঁজৰণি বন্ধ কৰা হয়, আৰু ডেকা সিংহবোৰৰ দাঁত ভঙা হয়। |
হে যিহোৱা উঠি আহাঁ! হে মোৰ ঈশ্বৰ, মোক উদ্ধাৰ কৰা; তুমি মোৰ শত্রুবোৰৰ গালত আঘাত কৰা; দুষ্টবোৰৰ দাঁত ভাঁঙি পেলোৱা।
মোৰ জীৱন শত্রুবোৰৰ মাজত আছে, সেই লোকসকলৰ দাঁত বৰছা আৰু কাঁড় স্বৰূপ, আৰু যিবোৰৰ জিভা চোকা তৰোৱাল স্বৰূপ, এনে অগ্নি-শিখা স্বৰূপ মনুষ্য সন্তানবোৰৰ মাজত মই শুইছোঁ।
হে ঈশ্বৰ, তেওঁলোকৰ মুখৰ ভিতৰতেই দাঁত ভাঙিপেলোৱা; হে যিহোৱা, ডেকা সিংহবোৰৰ প্রধান দাঁত ভাঙি বাহিৰ কৰা।
বেগাই বৈ যোৱা পানীৰ দৰে তেওঁলোক অদৃশ্য হওঁক; যেতিয়া তেওঁলোকে ধনুৰ কাঁড় পোনাই, তেতিয়া সেই কাঁড়বোৰ আগ ছিগা যেন হওক।
তেওঁলোক এনে বংশ; যিসকলৰ দাঁত তৰোৱালৰ দৰে, আৰু গালৰ হাড় ছুৰিৰ দৰে, সেয়ে তেওঁলোকে দেশৰ পৰা দৰিদ্ৰ সকলক আৰু মানুহৰ মাজৰ পৰা অভাৱী সকলক গ্রাস কৰিব পাৰে।