অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




ইয়ো 38:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তুমি চিৰকাল আছা নে, তোমাৰ জীৱনৰ দিন আৰম্ভণিৰ পৰা আছে নে, তুমি প্ৰভাতক আজ্ঞা দিছিলা নে? আৰু অৰুণক তাৰ উদয় স্থান জনাইছিলা নে?

অধ্যায়টো চাওক



ইয়ো 38:12
14 পৰস্পৰ সংযোগসমূহ  

পাছত ঈশ্বৰে পোহৰৰ নাম “দিন” আৰু আন্ধাৰৰ নাম “ৰাতি” হ’ল। এইদৰে গধূলি হ’ল আৰু পুৱা হোৱাত এক দিন হ’ল। পাছত ঈশ্বৰে পোহৰৰ নাম দিন, আৰু আন্ধাৰৰ নাম ৰাতি থলে। গধূলি আৰু পুৱা হোৱাত প্রথম দিন হ’ল।


মনুষ্য জাতিৰ মাজত তুমি প্ৰথমে জন্ম পোৱা নে? আৰু পৰ্ব্বতবোৰৰ পূৰ্বেই জানো তোমাৰ জন্ম হৈছিল?


কোনো কোনোৱে আন্ধাৰত ঘৰবোৰত সিন্ধি দিয়ে; সিহঁতে দিনত দুৱাৰ বন্ধ কৰি সোমাই থাকে; পোহৰ কি, সিহঁতে নাজানে।


‘তুমি ইয়ালৈকে আহিব পাৰা, ইয়াতকৈ বেছি নহয়; ইয়াতে তোমাৰ গৰ্ব্বী ঢৌবোৰ মাৰ যাব।’


সেইদৰে পৃথিবীৰ চাৰিও চুক ধৰিছিলা নে, তাৰ পৰা দুষ্টবোৰক জোকাৰি পেলাইছিলা নে?


তুমি যেতিয়া জন্মিছিলা, নিশ্চিন্তভাবে জানিছিলা! আৰু তোমাৰ দিনৰ সংখ্যা অধিক!


যি সময়ত মই পৃথিবীৰ মূল স্থাপন কৰিলোঁ, তেতিয়া তুমি ক’ত আছিলা? যদি তোমাৰ বোধ আছে, তেন্তে কোৱা।


কিয়নো আমি কালিৰ লোক, একোকে নাজানো; কাৰণ পৃথিবীত আমাৰ দিন কেইটা ছাঁস্বৰূপ।


দিন তোমাৰ, আৰু ৰাতিও তোমাৰেই; তুমিয়েই চন্দ্ৰ আৰু সূৰ্যক নিজ নিজ স্থানত স্থাপন কৰিলা।


যি জনাই কৃত্তিকা আৰু মৃগশীৰ্ষ কালপুৰুষ নামৰ নক্ষত্র মণ্ডলীক নির্মাণ কৰিলে, অন্ধকাৰক পুৱাৰ পোহৰলৈ পৰিবৰ্তন কৰে, দিনক ৰাতিলৈ সলনি কৰে, যি জনাই সাগৰৰ জল সমূহক আহ্বান কৰি ভূমিৰ ওপৰত ঢালি দিয়ে, তেওঁৰ নাম যিহোৱা!


ঈশ্বৰে আমাক ক্ষমা কৰিব, কাৰণ তেওঁ কোমল চিত্তৰ আৰু দয়ালু। তেওঁ কৰুণাৰে পুৱাৰ অৰুণৰ দৰে ত্রাণকর্তাই স্বর্গৰ পৰা আমাক সহায় কৰিবলৈ আহিব।


ভাববাদী সকলৰ এই বাক্য আমাৰ ওচৰত অধিকৰূপে নিশ্চিত হৈছে আৰু সেই বিষয়ত মনোযোগ দিয়া আপোনালোকৰ পক্ষে ভাল। সেই বাক্য এক অন্ধকাৰ ঠাইত জ্বলি থকা চাকিৰ নিচিনা। যেতিয়ালৈকে ৰাতিপুৱা নহয় আৰু আপোনালোকৰ হৃদয়ত প্রভাতী তৰাৰ উদয় নহয়, তেতিয়ালৈকে অন্ধকাৰৰ মাজতো সেয়ে পোহৰ দিব।